COVID Update : ক’ভিড আপডেট

20201212205L

সোমবাৰে দেশত ক’ভিডত সংক্রমিতৰ সংখ্যাই ১৭ হেজাৰ অতিক্ৰম কৰিলেও মঙলবাৰে সেই সংখ্যা যথেষ্ট তলত নামিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা কমি হ’ল ১১,৭৯৩ । সোমবাৰে এই সংখ্যা আছিল ১৭,১০৯ ।

ৰাজ্যভিত্তিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায়, দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্রক পিছ পেলাই কেৰালা এতিয়াও শীর্ষত । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা তিনি হেজাৰ পাৰ হৈছে । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ৩,২০৬ । ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (২,৩৬৯), তামিলনাডু (১,৪৬১), দিল্লী (৬২৮) আৰু কর্নাটক (৬১৭) ।

ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা ২৭ । ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু সর্বোচ্চ । কেৰালাত মুঠ ১৩ জন ক’ভিড আক্রান্ত হৈ প্রয়াত হৈছে । মহাৰষ্ট্রত পাঁচজন, পঞ্জাৱ আৰু দিল্লীত তিনিজন, মিজোৰাম, উত্তৰাখণ্ড আৰু মধ্যপ্রদেশত এজনৰ মৃত্যু হৈছে ।

সোমবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ২১ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হয়ে ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৪৭ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ কমি হৈছে ২.৪৯ শতাংশ । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৫.৬৪ শতাংশ ।

সমগ্ৰ ভাৰতত এই পর্যন্ত ১৯৭ কোটি ৩১ লাখ ৪৩ হেজাৰ ১৯৬ টিকাকৰণ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হৈ সুস্থ হৈছে ৯,৪৮৬ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৭ লাখ ৯৭ হেজাৰ ৯২ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৭ শতাংশ ।

Exit mobile version