Toxic Yellow Gas Leak : বিষাক্ত হালধীয়া ধোঁৱাৰে আৱৰি পৰিল জাহাজ ! মুহূর্ততে মৃত্যু ১২ জনৰ, প্রকাশ্যত ভয়ংকৰ ভিডিঅ’

transportandlogisticsme 2022 06 0942fe2c 8eb5 4b0a 88bb

জাহাজত ৰাসায়নিকৰ টেংক অনা হৈছিল । ক্রেইনেৰে বন্দৰত ক্ল’ৰিন গেছ ভর্তি টেংক নমাই থাকোতে হঠাৎ এটা টেংক ক্রেইনৰ পৰা ওলাই পৰি যায় !

মুহূর্তৰ ভিতৰতে উজ্জ্বল হালধীয়া বিষাক্ত ধোঁৱা আহে জাহাজৰ পৰা । সেই ধোঁৱাই মেঘৰ দৰে বিশাল আকৃতি লৈ লাহে লাহে চাৰিওপাশ চানি ধৰে । জর্ডনৰ আকাবা চহৰৰ কাষৰ বন্দৰৰ এই দুর্ঘটনাত ঘটনাস্থলতেই ১২ জনৰ মৃত্যু হয় । বিষাক্ত ধোঁৱাত অসুস্থ হৈ পৰে প্ৰায় ২৫০ জন । তেওঁলোকৰ প্রায় দুশজনক হাস্পাতালত চিকিৎসাৰ বাবে ভর্তি কৰোৱা হয় । অনেকেই গুৰুতৰভাৱে অসুস্থ হৈছে বুলি জনাইছে আৰক্ষীয়ে ।

মঙলবাৰে পুৱা প্ৰায় চাৰি বজাত (জর্ডনৰ স্থানীয় সময় সোমবাৰে বিয়লি তিনি বাজি ৪৫ মিনিট) ঘটনাটো সংঘটিত হয় । পাছত জর্ডনৰ চৰকাৰী দুৰ্যোগ প্ৰশমন বিভাগে গেছ দুর্ঘটনাৰ কথা জনায় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বন্দৰ চহৰত প্রতিৰক্ষা বাহিনীৰ বিশেষ দল প্ৰেৰণ কৰা হৈছে বুলি জনাইছে প্রসাশনে । লগতে, সতৰ্কতাৰ বাবে জর্ডনৰ আকাবা চহৰৰ বাসিন্দাসকলৰ ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ ৰখাৰো পৰামর্শ দিছে নগৰ কর্তৃপক্ষ‌ই ।

https://twitter.com/suzanneb315/status/1541545605826232321?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1541545605826232321%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Ftoxic-gas-leak-in-jordan-leaves-12-dead-and-hundreds-injured-dgtl%2Fcid%2F1353298

এয়া দুর্ঘটনা নে ইয়াৰ নেপথ্যত অন্য কিবা আছে সেয়া পৰ্যবেক্ষণ কৰিবলৈ তদন্তৰ নির্দেশ দিছে জর্ডনৰ প্রধানমন্ত্রী বিছেৰ আল খাছাৱনে । যদিও জর্ডনৰ এটা স্থানীয় সংবাদমাধ্যমে জনাইছে, ক্রেইনৰ যি লোহাৰ তাঁৰত ৰাসায়নিকৰ টেংকটো বন্ধা আছিল সেইটো ছিঙি যায় । এটা এটা টেংকত ২৫ৰ পৰা ৩০ টন পর্যন্ত ক্ল’ৰিন গেছ আছিল । ওপৰৰ পৰা টেংক তলত পৰোতেই ফাটি গেছ ওলাই আহে ।

চিচিটিভি ফুটেজত সম্পূৰ্ণ ঘটনাটো ধৰা পৰিছে । তাত দেখা গৈছে দ্রুত বিয়পি পৰা বিষাক্ত হালধীয়া ধোঁৱাৰ পৰা ৰক্ষা পৰিবলৈ দৌৰা-দৌৰি লাগিছে বন্দৰৰ কর্মীসকলৰ মাজত । প্রত্যক্ষদর্শীসকলে জনাইছে, জাহাজৰ ডেকত কর্মীসকলৰ শ্বাস ল’ব নোৱাৰি ফোপাই থকাও দেখা যায় তেওঁলোকক । ঘটনাটোৰ ভিডিঅ’টো টুইটাৰতো ভাইৰেল হৈ পৰিছে ।

Exit mobile version