দৰিদ্ৰতাৰ বাধা নেউচি জিলিকিল বৰপেটাৰ ছাহিল হুছেইন

দৰিদ্ৰতাৰ বাধা নেউচি জুইয়ে পোৰা সোণ হৈ জিলিকিল বৰপেটাৰ চকচকা গাঁৱৰ ছাহিল হুছেইন ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত প্ৰতিটো বিষয়ত লেটাৰসহ ৯৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হৈছে ছাহিলে ৷

মাত্ৰ দুই নম্বৰৰ বাবে স্থান পোৱাৰ পৰা বঞ্চিত হ’ল কৃতি ছাত্ৰগৰাকী ৷ ২০১৭ত পিতৃ বিয়োগৰ পাছত বহু কষ্ট কৰি মাতৃয়ে লিখা-পঢ়া কৰাই গৈছে কৃতি ছাত্ৰগৰাকীক ৷

আগলৈ ছাহিলে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হৈ সমাজ সেৱা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ ছাহিল হুছেইনৰ এই কৃতকাৰ্যতাত উৎফুল্লিত ৰহাবাসী ৷

Exit mobile version