Plastic Ban : দেশজুৰি নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ শুকুৰবাৰৰ পৰা !

daac3673ffa6dd6827e45f9fb8e76201 original

বিগত বৰ্ষৰ আগষ্টতে বিজ্ঞপ্তি জাৰি কৰি নিষেধাজ্ঞাৰ সিদ্ধান্ত ঘোষণা কৰিছিল কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ে । সেই নিষেধাজ্ঞা আৰম্ভ হৈছে আগন্তুক এক জুলাইত । দেশজুৰি বন্ধ হৈছে ছিংগল ইউজ বা এবাৰ ব্যবৃৱহাৰযোগ্য প্লাষ্টিক বা তাৰে তৈয়াৰ কৰা সামগ্রীৰ ব্যৱহাৰ ।

পৰিৱেশ মন্ত্রণালয়ে জাৰি কৰা নির্দেশনা অনুযায়ী, এক্সপেণ্ডেড পলিষ্টিৰিন, পলিষ্টিৰিনসহ যিকোনো ছিংগল ইউজ প্লাষ্টিকৰ উৎপাদন, বিক্রী, আমদানি, বিতৰণ নিষিদ্ধ কৰা হ’ব দেশত । সৰ্বাধিক পৰিমাণে সেইবোৰৰ প্লাষ্টিকেই প্ৰস্তুত কৰা হয় । ছেম্পু, চাবোনৰ বতলেৰে মাস্ক, আৱৰ্জনা পেলোৱা পেকেট, চিপ্‌ছৰ পেকেট— সকলো প্ৰস্তুত কৰা হয় এই ধৰণৰ প্লাষ্টিকেৰে । মিঠাই আৰু চিগাৰেটৰ বাকচতো থাকে এই ধৰণৰ প্লাষ্টিক ।

এই জাতীয় প্লাষ্টিকৰ লাহে লাহে ক্ষুদ্রাতিক্ষুদ্র খণ্ড হৈ পৰিৱেশ মাৰাত্মক প্ৰদূষিত হয় । ইয়াৰ উপৰি পৰিৱেশবিদসকলৰ দাবী, দেশজুৰি প্রায় ৪০ শতাংশ প্লাষ্টিক আৱৰ্জনা সংগ্রহ কৰা নহয় । এই আৱৰ্জনা পুৰি নষ্ট কৰিলেও বায়ু প্ৰদূষণৰ মাত্রা বাঢ়ে । পুনৰ প্লাষ্টিক আৱৰ্জনা জমা হৈও পৰিৱেশৰ ভয়াৱহ ক্ষতি কৰিছে । আনকি, প্লাষ্টিকৰ বাবেই নদী বা সমুদ্র প্ৰদূষণ বা নিকাশন ব্যৱস্থা বন্ধ হয় । ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰিলে সেয়া বহু পৰিমাণে নিয়ন্ত্রণত অনা সম্ভৱ হ’ব ।

Exit mobile version