COVID Update : ক’ভিড আপডেট

0.99139900 1588439896 43

দেশজুৰি অনিয়ন্ত্ৰিত ক’ভিড সংক্রমণ ! বুধবাৰে এদিনত কৰ’না আক্রান্ত হ’ল ১৮,৮১৯ জন । ক’ভিডত মৃত্যু হ’ল ৩৯ জনৰ । বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, ভাৰতত মুঠ কৰ’না আক্রান্তৰ সংখ্যা হৈছে ৪,৩৪,৫২,১৬৪ । বুধবাৰে দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ৯৯,৬০৩ ।

বিগত ২৪ ঘণ্টাত কৰ’নাত মৃত্যু হৈছে ৩৮ জনৰ । মুঠ মৃতৰ সংখ্যা ৫,২৫,১৬ । যদিও দেশত কৰ’না আক্ৰান্ত হৈ সুস্থ হোৱাৰ হাৰ প্রায় একেই আছে— ৯৮.৫৮ শতাংশ ।

যিসমূহ ৰাজ্যত কৰ’না সংক্রমণ সৰ্বাধিক, তাৰ ভিতৰত প্রথমতেই আছে মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত কেৱল মহাৰাষ্ট্রতেই কৰ’না আক্রান্ত হৈছে ৩,৯৫৭ জন । মৃত্যু সাতজনৰ ।

বস্তুত, নতুনকৈ গা কৰি উঠিছে কৰ’না ভাইৰাছ । সম্প্রতি বিশ্ব স্বাস্থ্য সংস্থাই এটা বিবৃতিত জনাইছে, অতিমাৰী পৰিস্থিতি পৰিৱর্তন হ’লেও সংক্ৰমণ যে অব্যাহত আছে, তাৰ প্রমাণো পোৱা গৈছে । ১১০খন দেশত নতুনকৈ বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা ।

Exit mobile version