Bill Gates : কেনেকুৱা আছিল বিল গেটছৰ ৪৮ বছৰৰ পুৰণি বায়’ডেটা ? দেখিলে আপোনাৰো চকু কপালত উঠিব

BillGates custom 42ccb534e0b93b881c03b87c57cf1a4274e03cc3

মন পছন্দৰ চাকৰি লাভৰ বাবে বায়’ডেটাৰ গুৰুত্ব অপৰিসীম । চাকৰিজীৱনত পদার্পণৰ আগতে নিজৰ গুণাৱলীৰ নমুনাসহ যথাযথ বায়’ডেটা তৈয়াৰ কৰিবলৈ গৈ অনেকেই সমস্যাত পৰে । এনে পৰিস্থিতিত সমস্যা সমাধানৰ ভূমিকাত এইবাৰ ধনকুবেৰ বিল গেটছ ।

৪৮ বছৰ আগৰ পুৰণি বায়’ডেটা প্রকাশ্যত আনিলে তেওঁ । লগতে যুৱ প্রজন্মক তেওঁৰ বার্তা, ‘সম্প্রতি তোমালোক স্নাতক হৈছা বা কলেজ পাছ কৰিছা, ম‌ই নিশ্চিত, তোমালোকৰ বায়’ডেটা মোৰ ৪৮ বছৰৰ পুৰণি বায়’ডেটাতকৈ দেখাত ভাল ।’’

https://www.linkedin.com/embed/feed/update/urn:li:share:6948310562774671360

৪৮ বছৰৰ পুৰণি বায়’ডেটাৰ ছবি শ্বেয়াৰ কৰিছে বিল গেটছে, তাত দেখা গৈছে সেই সময়ত তেওঁ হার্ভার্ড কলেজৰ প্রথম বর্ষত শিক্ষাগ্ৰহণ কৰি আছিল । বায়’ডেটাত উল্লেখ কৰা হৈছে, অপাৰেটিং ছিষ্টেমছ ষ্ট্ৰাকচাৰ, ডেটাবেছ মেনেজমেন্ট, কম্পিউটাৰ গ্রাফিকসহ একাধিক বিষয়ত শিক্ষাগ্ৰহণ কৰিছে তেওঁ । এই বায়’ডেটাৰ ছবি মুহূর্ততে ভাইৰেল হৈছে ।

Exit mobile version