Plastic Ban : দেশত নিষিদ্ধ প্লাষ্টিক ! নিষেধাজ্ঞা অবমাননা কৰিলে বৃহৎ শাস্তি, কি কি ব্যৱহাৰ একেবাৰে বন্ধ ?

b573ab6e ee53 11ec 9304 3037d47fdefe 1655480423568 1655840628565

কে’বা বছৰ ধৰি আলোচনা অব্যাহত আছে । একাধিকবাৰ বন্ধ কৰাৰ কথা ভবা হৈছে । কিন্তু পৰিকল্পনাৰ বাস্তৱায়ন হোৱা নাই । অৱশেষত যোৱা শুকুৰবাৰৰ পৰা ‘ছিংগল ইউজ প্লাষ্টিক’ দ্রব্য তৈয়াৰ, আমদানি, সৰবৰাহ আৰু বিক্রীত দেশ জুৰি নিষেধাজ্ঞা কার্যকৰ হৈছে ।

ইতিমধ্যে ৭৫ মাইক্রনৰ কম প্লাষ্টিকৰ কেৰিবেগ ব্যৱহাৰত নিষেধাজ্ঞা আছে । এইবাৰ সম্পূৰ্ণ ‘ছিংগল ইউজ প্লাষ্টিক’ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হ’ল ।

পৰিৱেশ মন্ত্রণালয়ে জাৰি কৰা নির্দেশনা অনুযায়ী, ‘এক্সপাণ্ডেড পলিষ্টিৰিন’, ‘পলিষ্টিৰিন’-সহ যিকোনো ‘ছিংগল ইউজ প্লাষ্টিকৰ’ উৎপাদন, বিক্রী, আমদানি, বিতৰণ নিষিদ্ধ কৰা হৈছে দেশত ।

সৰ্বাধিক পৰিমাণে প্লাষ্টিকেই তৈয়াৰ হয় ‘এক্সপাণ্ডেড পলিষ্টিৰিনে’ৰে । ছেম্পু, চাবোনৰ বটলৰ পৰা মাস্ক, আৱৰ্জনা পেলোৱা পেকেট, ছিপ্‌ছৰ পেকেট— সকলোখিনিয়ে তৈয়াৰ হয় এই ধৰণৰ প্লাষ্টিকেৰে । মিঠাই আৰু চিগাৰেটৰ বাকচতো থাকে এই ধৰণৰ প্লাষ্টিক ।

এইবাৰ প্লাষ্টিক নিষেধাজ্ঞা বলৱৎ কৰিবলৈ কঠোৰ চৰকাৰ । ঘোষণা হৈছে, নিষেধাজ্ঞা অবমাননা কৰি ‘ছিংগল ইউজ প্লাষ্টিক’ ব্যৱহাৰ কৰিলে পৰিৱেশ সুৰক্ষা আইন (ইপিএ)-ৰ ১৫ নং অনুচ্ছেদ অনুযায়ী কাৰাবাস তথা জৰিমনা, অথবা দুয়োটাই হ’ব পাৰে ।

এই নিষেধাজ্ঞা প্রসংগত কেন্দ্রীয় পৰিৱেশ মন্ত্রী ভূপেন্দ্র যাদৱে কয়, ‘‘কলকাৰখানা আনকি, সাধাৰণ মানুহকো প্লাষ্টিক সন্দৰ্ভত একাধিকবাথ সতর্ক কৰা হৈছে । বিশেষকৈ ‘ছিংগল ইউজ প্লাষ্টিক’ বন্ধ কৰিবৰ বাবে বহু সময় দিয়া হৈছে । অৱশেষত এক জুলাইৰ পৰা সেয়া কার্যকৰ কৰা হৈছে ।’’

প্লাষ্টিক তৈয়াৰ কৰা কাৰখানাসমূহৰ কি হ’ব ?

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ড ‘ছিংগল ইউজ প্লাষ্টিক’ বর্জনৰ বিষয়ত উদ্যোগী হৈছে । নিষেধাজ্ঞা অমান্য কৰা দেখিলে কোনোৱে এই বিষয়ত নির্দিষ্ট স্থানত অভিযোগ কৰিব পাৰিব । লগতে, বিষয়াসকলে জনাইছে, এফএমচিজি ছেক্টৰত পেকেজিঙৰ বাবে প্লাষ্টিক একেবাৰেই যে নিষিদ্ধ, তেনে নহয় । অৱশ্যে তাৰ বাবে কিছু নির্দেশনা দিয়া হৈছে ।

কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ডৰ এটা প্ৰতিবেদন অনুযায়ী, ভাৰতত বছৰে প্রায় ২.৪ লাখ টন ‘ছিংগল ইউজ প্লাষ্টিক’ উৎপন্ন হয় । তেনেহ’লে প্ৰতিজনৰ হিচাপত এই প্লাষ্টিক ব্যৱহাৰ ধৰিলে হয় ০.১৮ কেজি ।

বিগত বছৰৰ ১২ আগষ্টত এটা নির্দেশনাত কেন্দ্র‌ই ‘পলিষ্টিৰিন’ আৰু ‘এক্সপাণ্ডেড পলিষ্টিৰিন’-সহ ‘ছিংগল ইউজ প্লাষ্টিক’ পণ্যৰ উৎপাদন, আমদানি, মজুত, বিতৰণ, বিক্রয় আৰু ব্যৱহাৰ নিষিদ্ধ কৰে ।

ইতিমধ্যে কে’বাখনো ৰাজ্য‌ৰ চৰকাৰে প্লাষ্টিক নিষিদ্ধ কৰিবলৈ কঠোৰ পথ গ্ৰহণ কৰিছে । এক জুলাইৰ পৰা হৰিয়ানা চৰকাৰে ‘ছিংগ ইউজ প্লাষ্টিক’ ব্যৱহাৰত নিষেধাজ্ঞাৰ সংকল্প লৈছে ।

প্রশাসনৰ বিশেষ দল গঠন কৰা হৈছে ‘ছিংগ ইউজ প্লাষ্টিক’ তৈয়াৰ যাতে ৰোধ কৰিব পাৰি । আমদানি, মজুত, বিতৰণ আৰু বিক্রী — সকলোতেই দৃষ্টি ৰাখিব এই দলে ।

ইতিমধ্যে ৰাজধানী দিল্লীত এই বিষয়ত পদক্ষেপ গ্ৰহণ কৰা হৈছে । হকাৰৰ পৰা সৰু-বৰ সকলো দোকানত ‘ছিংগল ইউজ প্লাষ্টিক’ বন্ধ ।

নিষিদ্ধ প্লাষ্টিক দ্রব্যৰ তালিকাত আছে ৭৫ মাইক্রনতকৈ পাতল প্লাষ্টিক বেগ, এয়ালবাডছ, প্লাষ্টিকৰ চামুচ, কাঁহী, গিলাচ আৰু কাপ, ষ্ট্ৰসহ যিসমূহ প্লাষ্টিক পদার্থৰে পেকেট কৰা হয় ।

মুঠ ১৯টা ‘ছিংগ ইউজ প্লাষ্টিক’ ব্যৱহাৰ নিষিদ্ধ । যাৰ ভিতৰত আছে, বেলুনত ব্যৱহৃত প্লাষ্টিক দ্রব্য, আইচক্রিমৰ চামুচ, থার্ম’কল, প্লাষ্টিকৰ প্লেট, প্লাষ্টিকৰ গিলাচ, প্লাষ্টিকৰ কাপ । নিষিদ্ধৰ তালিকাত আছে মিঠাইৰ বাকচ, আমন্ত্রণপত্র, চিগাৰেট পেকেটৰ ওপৰত যি প্লাষ্টিকৰ আৱৰণ ব্যৱহৃত হয় ।

Exit mobile version