China : এদিনত নতুনকৈ আক্রান্ত তিনিশ, চীনৰ আনহুইত ১৭ লাখ বাসিন্দা গৃহবন্দী

china covid wuhan 1

সোমবাৰে চীনৰ চেন্ট্রেল আনহুই প্রদেশত তিনিশজন নতুন ক’ভিড আক্রান্তৰ সন্ধান পোৱা গৈছে । তাৰ পাছতেই প্রদেশত তলাবন্ধ জাৰি কৰিলে প্রশাসনে । ১৭ লাখ বাসিন্দা এতিয়া গৃহবন্দী । ইয়াৰ ফলত অর্থনীতিত প্ৰভাৱ পৰিব । কিন্তু চীন চৰকাৰ জিৰ’ ক’ভিড নীতিতেই অটল ।

বিগত সপ্তাহত আনহুই প্রদেশত এশজন আক্রান্তৰ সন্ধান পোৱা গৈছিল । তাৰ পাছতেই ছিক্সিয়ান আৰু লিংগবি কাউন্টিত তলাবন্ধ জাৰি কৰা হয় । ক’ভিড পৰীক্ষা নকৰাকৈ ঘৰৰ পৰা ওলোৱাৰ অনুমতি নাছিল দুই কাউন্টিৰ ১৭ লাখ বাসিন্দাৰ । চিচিটিভি ফুটেজত দেখা গৈছিল, ছিক্সিয়ানৰ পথ শূন্য । কেৱল মাত্র ক’ভিড পৰীক্ষণৰ শাৰীতেই ভিৰ । বিগত কিছু দিনত ছবাৰ এই কাউন্টিত ক’ভিডৰ বহুল পৰীক্ষণ হৈছে ।

ইয়াৰ পূৰ্বে চীনৰ বাণিজ্য নগৰী ছাংহাইত এমাহৰো অধিক সময় তলাবন্ধ আছিল । ৰাজধানী বেইজিঙত কঠোৰ বিধিনিষেধ জাৰি কৰা হৈছে । ইয়াৰ ফলত বহু বিদেশী সংস্থাই চীনৰ স’তে ব্যৱসায় নকৰাৰ সিদ্ধান্ত লৈছে । দৈনন্দিন কাৰখানা, কাৰ্যালয় বন্ধ থকাত মুখ থেকেচা খাইছে অর্থনীতিয়ে ।

আনহাতে, চীনৰ বিপুল জনসংখ্যাৰ নিৰিখত আক্রান্তৰ সংখ্যা নিচেই কম । কিন্তু চীনৰ শ্বি জিনপিং চৰকাৰে জিৰ’ ক’ভিড নীতি প্ৰত্যাহাৰ কৰিব নিবিচাৰে । তেওঁলোকৰ দাবী, দেশত সংক্রমণ বাঢ়িলে স্বাস্থ্য ব্যৱস্থাৰ ওপৰত চাপ পৰিব । ইয়াৰ উপৰি সেই দেশত প্রবীণসকলৰ টিকাকৰণৰ হাৰো কম ।

Exit mobile version