COVID Update : ক’ভিড আপডেট

istockphoto 1255767686 612x612 1

সোমবাৰে দেশত ক’ভিড সংক্রমিতৰ সংখ্যা ১৬ হেজাৰ অতিক্ৰম কৰিলেও মঙলবাৰে সেই সংখ্যা বহু পৰিমাণে কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা কমি হ’ল ১৩,০৮৬ । সোমবাৰে এই সংখ্যা আছিল ১৬,১৩৫ ।

দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্রক পিছ পেলাই শীর্ষত কেৰালা । কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা তিনি হেজাৰৰ ওপৰতেই আছে । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ৩,৩২২ । ইয়াৰ পাছতে আছে তামিলনাডু (২,৬৫৪), মহাৰাষ্ট্র (১,৫১৫), পশ্চিমবংগ (১,১৩২) ও কর্নাটক (৭৪৯) ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যাও সামান্য কমিছে । দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৯ জনৰ । ইয়াৰে মহাৰাষ্ট্রত তিনিজন, কেৰালা, ৰাজস্থান আৰু পঞ্জাৱত দুজন, আৰু দিল্লী, মিজোৰাম, উত্তৰ প্রদেশ, গোৱা, বিহাৰ, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, গুজৰাট, ঝাড়খণ্ড আৰু কর্নাটকত এজনৰ মৃত্যু হৈছে । সোমবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ২৪ ।

পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হ’ল ৫ লাখ ২৫ হেজাৰ ২৪২ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বহু পৰিমাণে কমি হ’ল ২.৯০ শতাংশ । সোমবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.৮৫ শতাংশ ।

ভাৰতত এই পর্যন্ত ১৯৮ কোটি ন লাখ ৮৭ হেজাৰ ১৭৮ টিকাকৰণ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১২,৪৫৬ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৮ লাখ ৯১ হেজাৰ ৯৩৩ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৩ শতাংশ ।

Exit mobile version