Earthquake : বাৰে বাৰে কঁপি উঠিছে আন্দামান, ২৪ ঘণ্টাত ২২ বাৰ ভূমিকম্প !

eq

923504666

মুহূর্তে মুহূর্তে কঁপি উঠিছে আন্দামান। বিগত ২৪ ঘণ্টাত ২২ বাৰ ভূমিকম্প হৈছে বুলি জনাইছে নেছনেল চেন্টাৰ ফৰ ছিছম’লজিয়ে (এনচিএছ) ।

এনচিএছে জনাইছে, প্রথম কম্পন অনুভূত হয় সোমবাৰে পুৱা পাঁচ বাজি ৪২ মিনিটত । তাৰ পাছত আৰু ২১ বাৰ কঁপি উঠিছে আন্দামানৰ মাটি । কেৱল সোমবাৰে মাজ নিশাৰ পৰা মঙলবাৰ পুৱা পর্যন্ত ১১ বাৰ ভূমিকম্প হৈছে । সেই কম্পনৰ প্ৰাবল্য যথাক্রমে ৩.৮ৰ পৰা পাঁচ ৰিখটাৰ স্কেল আছিল ।

২২তম ভূমিকম্পটো হৈছে মঙলবাৰে পুৱা আঠ বাজি পাঁচ মিনিটত । ভূপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ গভীৰত আছিল কম্পনৰ অভিকেন্দ্ৰ । কম্পনৰ প্ৰাবল্য আছিল ৪.৩ ৰিখটাৰ স্কেল । এনচিএছ-এ এটা টুইটত কয়, ‘প’র্ট ব্লেয়াৰৰ ১৮৭ কিলোমিটাৰ দক্ষিণ-পূৱ ভৃপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ গভীৰত কম্পনৰ অভিকেন্দ্ৰ আছিল ।’

নিশা ১২ বাজি তিনি মিনিটত যি কম্পন অনুভূত হয়, তাৰ প্ৰাবল্য আছিল ৪.৬ ৰিখটাৰ স্কেল । অভিকেন্দ্ৰ আছিল প’র্ট ব্লেয়াৰৰ পৰা ২১৮ কিলোমিটাৰ দক্ষিণ-পূৱত । নিশা ১২ বাজি ৪৬ মিনিটত কম্পনৰ প্ৰাবল্যতা আছিল ৪.৩ ৰিখটাৰ স্কেল । অভিকেন্দ্ৰ আছিল প’র্ট ব্লেয়াৰৰ পৰা ১৯৯ কিলোমিটাৰ পূৱ আৰু দক্ষিণ-পূৱত । নিশা এক বাজি সাত মিনিটত কম্পনৰ প্ৰাবল্যতা আছিল ৪.৫ ৰিখটাৰ স্কেল । অভিকেন্দ্ৰ আছিল প’র্ট ব্লেয়াৰৰ পৰ ২৫৮ কিলোমিটাৰ দক্ষিণ-পূৱত ।

নিশা ডেৰ বজাত কম্পনৰ প্ৰাবল্যতা আছিল ৪.৫ ৰিখটাৰ স্কেল । নিশা এক বাজি ৪৬ মিনিটত কম্পনৰ প্ৰাবল্যতা আছিল ৪.৪ ৰিখটাৰ স্কেল । নিশা দুই বাজি ১৩ মিনিটত কম্পনৰ প্ৰাবল্যতা আছিল ৪.৪ ৰিখটাৰ স্কেল । অভিকেন্দ্ৰ আছিল কেম্পবেল উপসাগৰৰ পৰা উত্তৰ আৰু উত্তৰ-পূৱত । নিশা দুই বাজি ৫৪ মিনিটত যি কম্পন অনুভূত হয় তাৰ প্ৰাবল্যতা আছিল ৪.৪ ৰিখটাৰ স্কেল । মঙলবাৰে পুৱা চাৰি বাজি ৪৫ মিনিটত কম্পনৰ প্ৰাবল্যতা আছিল ৪.৫ ৰিখটাৰ স্কেল ।

অৱশ্যে এয়ে প্রথম নহয়, ইয়াৰ আগতেও ২০১৯-ৰ এক এপ্রিলত একাধিকবাৰ কঁপি উঠিছিল আন্দামান । ৰিখটাৰ স্কেলত সেই কম্পনৰ প্ৰাবল্যতা আছিল যথাক্রমে ৪.৭ৰ পৰা ৫.২ । সেই সময়ত দুঘণ্টাৰ ব্যাৱধানত ন বাৰ কঁপি উঠিছিল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ।

Exit mobile version