COVID Update : ক’ভিড আপডেট

20201212205L

দেশজুৰি আৰু উদ্বেগ বঢ়ালে কৰ’না সংক্রমণে । মঙলবাৰে দেশত ক’ভিড সংক্রমিতৰ সংখ্যা ১৩ হেজাৰৰ ভিতৰত থাকিলেও বুধবাৰে সেই সংখ্যা ১৬ হেজাৰৰ ঘৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা বাঢ়ি হৈছে ১৬,১৫৯ । মঙলবাৰে এই সংখ্যা আছিল ১৩,০৮৬ ।

সম্প্রতি দেশৰ ১০ খন ৰাজ্যত কৰ’না ভাইৰাছৰ নতুন ৰূপ বিএ.২.৭৫ ধৰা পৰিছে বুলি দাবী কৰিছে ইজৰাইলৰ এজন বৈজ্ঞানীকে । মহাৰাষ্ট্র, দিল্লী, পশ্চিমবংগ, হাৰিয়ানা, উত্তৰপ্রদেশ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ, কর্নাটক, মধ্যপ্রদেশ, তেলেংগানাত কৰ’নাৰ এই নতুন প্রজাতিৰ সন্ধান পোৱা গৈছে । ইতিমধ্যে দেশত ৬৯ জন এই ৰূপত সংক্রমিতো হৈছে ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্র এতিয়ও শীর্ষত । মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ৩,০৯৮ । সংক্রমণৰ নিৰিখত কেৰালক পিছ পেলাইছে তামিলনাডুৱে । বিগত ২৪ ঘণ্টাত তামিলনাডুত দৈনিক সংক্রমিতৰ সংখ্যা ২,৬৬২ । ইয়াৰ পাছতে আছে কেৰালা (২,৬০৩), পশ্চিমবংগ (১,৯৭৩), কর্নাটক (৮৩৯) আৰু দিল্লী (৬১৫) ।

ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যাও বাঢ়িছে । দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৮ জনৰ । ইয়াৰ ভিতৰত মহাৰাষ্ট্র আৰু কেৰালত ছজন, ৰাজধানী আৰু পশ্চিমবংগত তিনিজন, গোৱা আৰু কর্নাটকত দুজন আৰু পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্রদেশ, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্রদেশত এজনৰ মৃত্যু হৈছে ।

মঙলবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ১৯ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ২৭০ । বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৩.৫৬ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ এই হাৰ আছিল ২.৯০ শতাংশ ।

ভাৰতত এই পর্যন্ত ১৯৮ কোটি ২০ লাখ ৮৬ হেজাৰ ৭৬৩ টিকাকৰণ হৈছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডমুক্ত হৈছে ১৫,৩৯৪ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ২৯ লাখ সাত হেজাৰ ৩২৭ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৩ শতাংশ ।

Exit mobile version