Amaranth shrine cloudburst : বিপর্যয়ৰ ১২ ঘণ্টাৰ ভিতৰতেই উদ্ধাৰ ১৫ হেজাৰ তীর্থযাত্রী, মৃতৰ সংখ্যা ১৬ লৈ বৃদ্ধি অমৰনাথত

mvsmbgrk amarnath rescue ops after cloudburst

জম্মু আৰু কাশ্মীৰৰ তীর্থক্ষেত্র অমৰনাথত শুকুৰবাৰে সন্ধিয়া ডাৱৰ বিস্ফোৰণৰ ১২ ঘণ্টাৰ ভিতৰতে ১৫ হেজাৰৰ অধিক তীর্থযাত্রীক উদ্ধাৰ কৰা হৈছে । শনিবাৰে কেন্দ্রীয় বাহিনী ইন্দো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) তৰফৰ পৰা এই কথা জনোৱা হৈছে । উদ্ধাৰ কাৰ্যত আইটিবিপিৰ লগতে ভাৰতীয় সেনা, চিআৰপিএফ, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বিপর্যয় দুৰ্যোগ প্ৰশমন বিভাগ (এনডিআৰএফ আৰু এছডিআৰএফ)-ৰ সদস্যসকলে অংশ লৈছে বুলি জনাইছে এনডিআৰএফ-ৰ ডিজি অতুল কৰৱালে ।

ইয়াৰ মাজতে অমৰনাথত মৃতৰ সংখ্যা বাঢ়ি ১৬ হৈছে বুলি জম্মু আৰু কাশ্মীৰ প্রশাসনে জনাইছে । এতিয়াও প্ৰায় ৪০ জন সন্ধানহিন বুলি উদ্ধাৰকাৰী দল সূত্রে খবৰ । ফলত মৃতৰ সংখ্যা বঢ়াৰ শংকা আছে । দ্রুত উদ্ধাৰৰ বাবে এই পর্যন্ত ছটা দল মোতায়েন কৰিছে ভাৰতীয় সেনাই । বায়ুসেনাৰ হেলিকপ্টাৰো মোতায়েন কৰা হৈছে । উদ্ধাৰ কৰা তীর্থযাত্রীসকলক প্রাথমিকভাৱে অনা হৈছে পঞ্চতৰণীৰ বেচকেম্পত ।

শনিবাৰে পুৱা প্রায় তিনি বাজি ৪৫ মিনিট পর্যন্ত আৱদ্ধ তীর্থযাত্রীসকলক উদ্ধাৰৰ কাম চলে । পুৱাৰ পৰা নতুনকৈ সন্ধানহিনসকলৰ সন্ধান আৰম্ভ হৈছে । এনডিআৰএফ-ৰ তৰফৰ পৰা শনিবাৰে অমৰনাথৰ পুণ্যার্থীসকলৰ সন্ধানৰ বাবে দুটা হেল্পলাইন নম্বৰ জাৰি কৰিছে । ইয়াৰে এটা স্থানীয় প্রশাসনৰ । আনটো অমৰনাথ দেৱস্থান ট্রাষ্টৰ ।

শুকুৰবাৰে সন্ধিয়া ডাৱৰ বিস্ফোৰণৰ ফলত অমৰনাথৰ গুহাৰ ওপৰৰ পৰা হঠাৎ পানী ওলাব লয় । তাৰ পাছতেই হঠাৎ পানী সোমাব লয় অঞ্চলত । তীর্থযাত্রীসকলৰ অস্থায়ী আবাসসমূহ উটি যায় । ঘটনাটোৰ এটা ভিডিঅ’ প্রকাশ কৰিছে সংবাদ সংস্থা এএনআই-য়ে । তাত দেখা গৈছে প্রবল স্রোতত পানী সোমাইছে পথত । দুর্ঘটনাৰ ফলত অমৰনাথ যাত্রা স্থগিত কৰিছে জম্মু আৰু কাশ্মীৰ চৰকাৰে । উদ্ধাৰ অভিযান শেষ হোৱাৰ পাছত অমৰনাথ যাত্রা আৰম্ভ কৰাৰ বিষয়ত সিদ্ধান্ত লোৱা হ’ব বুলি জনোৱা হৈছে ।

প্রসংগত, ক’ভিডৰ বাবে বিগত দুবছৰ বন্ধ আছিল অমৰনাথ যাত্রা । ৩০ জুনৰ পৰা আৰম্ভ হৈছিল যাত্রা । এই পর্যন্ত ৭২ হেজাৰ পুণ্যার্থীয়ে দর্শন কৰিছে ।

Exit mobile version