Koffee With Karan 7 : ‘কফি উইথ কৰণ ছিজন ৭’-ত নাহে সঞ্চালকৰ প্রিয় বন্ধু শ্বাহৰুখ খান, কিন্তু কিয় ?

shah rukh khan and karan johar

আৰম্ভ হৈছে জনপ্রিয় টক শ্ব’ ‘কফি উইথ কৰণ ছিজন ৭’ (Koffee With Karan Season 7) । এইবাৰ টিভিৰ পর্দাত নহয়, অনুষ্ঠানটো প্ৰকাশিত হ’ব ‘ডিজনি প্লাছ হটষ্টাৰ’-ত । সাত জুলাইত মুক্তি পোৱা কৰণ জোহৰৰ (Karan Johar) সঞ্চালনাত এই অনুষ্ঠানৰ প্রথম পৰ্যায়ে ইতিমধ্যে অভিলেখ গঢ়িছে । তাত আলিয়া ভট্ট আৰু ৰণবীৰ সিং আছিল অতিথি । অৱশ্যে লগতে আৰু এটা খবৰ দিছে কৰণে । যিটো শুনি কিং খান (King Khan) অনুৰাগীসকল হতাশ হৈ পৰিছে ।

‘কফি উইথ কৰণ’-ত নাহে শ্বাহৰুখ খান

তথ্য অনুসৰি, ‘কফি উইথ কৰণ’-ৰ অনাগত পৰ্যায়বোৰত সঞ্চালকৰ সন্মুখৰ ছোফাত দেখা যাব পাৰে আমিৰ খানক (Aamir Khan), কিন্তু দেখা নাযাব শ্বাহৰুখ খানক (Shah Rukh Khan) । কৰণে জনাইছে যে এইবাৰৰ অনুষ্ঠান নাহে তেওঁৰ প্রিয় বন্ধু । কিন্তু কিয় ?

এটা সাক্ষাৎকাৰত কৰণে জনায় যে এইবাৰৰ অনুষ্ঠানত উপস্থিত নাথাকিব মিষ্টাৰ পাৰফেকছনিষ্ট । কাৰণ হিচাপে পৰিচালকে কয় যে কিং খানে তেওঁৰ আগন্তুক ছবি ‘পাঠান’ (Pathaan) মুক্তিৰ আগতে সংবাদ মাধ্যমৰ সন্মুখত আহিব বিচৰা নাই ।

পৰিচালক-প্রযোজকজনে আৰু কয় যে শ্বাহৰুখ খানৰ বাবে সম্প্ৰতি লাইমলাইটৰ পৰা দূৰত থকাই ভাল যাতে তেওঁৰ ছবি প্রেক্ষাগৃহত মুক্তি পালে বক্স অফিচত ‘সুনাম’ কঢ়িয়াব পাৰে ।

সাক্ষাৎকাৰত কৰণে কয়, ‘ম‌ই ভাবো শ্বাহৰুখে ‘পাঠান’-ৰ সময়তেই প্রকাশ্যত অহা উচিত । সেই সময়ত ‘বিস্ফোৰণ’ হোৱাটো বিচাৰো । সেয়ে তেওঁ এতিয়াই কোনো সংবাদ মাধ্যমৰ মুখামুখি হোৱা নাই আৰু এইটোৱে তেওঁৰ বাবে শ্ৰেষ্ঠ সিদ্ধান্ত । শ্বাহৰুখ খানে দৰ্শকক অপেক্ষাত ৰাখিছে আৰু যিমানে তেওঁৰ অপেক্ষা কৰিব সিমানে বেছি ভালপোৱা তেওঁলোকে দেশৰ সৰ্ববৃহৎ তাৰকাক ঘূৰাই দিব ।’

সিদ্ধার্থ মলহোত্রা পৰিচালিত ‘পাঠান’ ছবিত শ্বাহৰুখৰ স’তে দিপীকা পাডুক’ন আৰু জন আব্রাহামক দেখা যাব । আনহাতে, ‘কফি উইথ কৰণ’-ৰ চলিত ছিজনত ছাৰা আলি খান, জাহ্নবী কপুৰ, বৰুণ ধৱন, অনিল কপুৰ, সামান্থা ৰুথ প্রভু, বিজয় দেবেৰাকোণ্ডা, অনন্যা পাণ্ডে, ছাহিদ কপুৰ, কিয়াৰা আড্‌বাণী, কৃতী ছানন প্রমুখক দেখা যাব ।

Exit mobile version