সংসদ ভৱনৰ চাদত অশোকস্তম্ভ, উদ্বোধন কৰিলে প্রধানমন্ত্রী মোদীয়ে

pm narendra modi

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সোমবাৰে নতুন সংসদ ভৱনৰ চাদত স্থাপন কৰিবলগীয়া প্রতীক উন্মোচন কৰে ।

ৰাষ্ট্ৰীয় প্রতীকটো ব্র’ঞ্জৰ দ্বাৰা নিৰ্মিত । ইয়াৰ ওজন ৯,৫০০ কেজি আৰু উচ্চতা ৬.৫ মিটাৰ । এইটো নতুন সংসদ ভৱনৰ মাজৰ ফোঁৱাৰাৰ ওপৰত ঢালাই কৰি ৰখা হৈছে । এটা চৰকাৰী জাননীত কোৱা হৈছে, প্রতীকটোক তলৰ পৰা ধৰি ৰাখিবৰ বাবে প্রায় ৬,৫০০ কেজি ওজনৰ এটা ইস্পাতৰ কাঠামো তৈয়াৰ কৰা হৈছে ।

নতুন সংসদ ভৱনৰ চাদত স্থাপন হ’বলগীয়া ৰাষ্ট্ৰীয় প্রতীকটো ক্লে মডেলিং, কম্পিউটাৰ গ্রাফিক্সৰ পৰা আৰম্ভ কৰি ব্র’ঞ্জ ঢালাই আৰু পলিছ হোৱা পর্যন্ত মুঠ আঠটা পৰ্যায়ত তৈয়াৰ কৰা হৈছে ।

অনুষ্ঠানত প্রধানমন্ত্রীগৰাকীয়ে নতুন সংসদ ভৱন নির্মাণৰ স’তে জড়িত কর্মচাৰীসকলৰ স’তে আলোচনা কৰে । মূর্তি উন্মচনৰ পাছত এটা পূজা হয় । প্রধানমন্ত্রীয়ে সেই পূজাত অংশ লয় ।

লোকসভাৰ অধ্যক্ষ ওম বিড়লা, ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, সংসদ বিষয়ক মন্ত্রী প্রহ্লাদ জোশি আৰু কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰি উপস্থিত থাকে উক্ত অনুষ্ঠানত ।

নতুন সংসদ ভৱন নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ব্যয় হ’ব ১,২৫০ কোটি টকা । ৯৭৭ কোটি টকাৰ মূল বাজেটৰ তুলনাত ব্যয় ২৯ শতাংশ বাঢ়িছে । ভৱনটো নিৰ্মাণ কৰিছে টাটা প্রজেক্টছে ।

প্রস্তাৱিত চাৰি মহলীয়া ভৱনটো ১৩ একৰ অঞ্চলজুৰি বিস্তৃত । ৰাষ্ট্রপতি ভৱনৰ নিচেই কাষত নিৰ্মাণ কৰা হৈছে এই ভৱন । প্রাথমিকভাৱে ২০২২ৰ ৭৫ তম স্বাধীনতা দিৱসৰ পূৰ্বে এই কাৰ্য শেষ হ’ব বুলি অনুমান কৰা হৈছিল, যদিও পাছত এই সময়সীমা পৰিৱর্তন কৰি অক্টোবৰ কৰা হয় ।

Exit mobile version