Chhattisgarh : চাকৰি পালে ১০ মাহীয়া শিশুকন্যাই, ভাৰতীয় ৰে’লৰ ইতিহাসত অভূতপূৰ্ব ঘটনা

7e572fcbec

তাইৰ বয়স মাত্র ১০ মাহ । এতিয়া পিতৃ-মাতৃৰ মৰম-স্নেহত থকাৰ সময় । খেলা বয়স । কিন্তু, এই বয়সতেই চাকৰি পালে শিশুটিয়ে ! অবিশ্বাস্য যেন লাগিলেও সঁচা, ভাৰতীয় ৰে’লৰ ইতিহাসত এইটো এটা অভূতপূৰ্ব ঘটনা বুলি ধাৰণা কৰা হৈছে । ১০ মাহৰ শিশুক চাকৰি দিয়া হ’ল ।

সংবাদ সংস্থা সূত্রে খবৰ, এক দুর্ঘটনাত পিতৃ-মাতৃক হেৰুৱাইছে ছত্তীছগঢ়ৰ শিশুটিয়ে । পিতৃ ৰে’লত কর্মৰত আছিল । সেয়ে তেওঁৰ মৃত্যুৰ পাছত পিতৃৰ চাকৰি দিয়া হ’ল শিশুটিক । ১৮ বছৰ বয়স হ’লে চাকৰিত যোগ দিব পাৰিব শিশুটিয়ে । ইতিমধ্যে ৰেজিষ্ট্ৰেছন প্রক্রিয়াও সম্পন্ন হৈছে । শিশুটিৰ আঙুলিৰ ছাপো লোৱা হৈছে ।

তথ্য অনুসৰি, যোৱা এক জুনত পথ দুর্ঘটনাত মৃত্যু হয় শিশুটিৰ পিতৃ-মাতৃৰ । কিন্তু শিশুটিৰ প্ৰাণ ৰক্ষা পৰে । তাইৰ পিতৃ ৰাজেন্দ্র কুমাৰ ভিলাই ৰে’লৱেত ইয়ার্ডত কৰ্মৰত আছিল । চাৰি জুলাইত দক্ষিণ পূৱ মধ্য ৰে’লৱেৰ ‘পাৰ্ছনেল ডিপার্টমেন্ট’ত শিশুটিক চাকৰি দিয়া হৈছে । ৰে’লৰ এজন বিষয়াই কয়, ‘‘অতি মৰ্মান্তিক মুহূর্ত । শিশুটিৰ আঙুলিৰ ছাপ লোৱা কাৰ্য কঠিন আছিল আমাৰ বাবে ।’’

Exit mobile version