COVID-19: ক’ভিড আপডেট

COVID Test Jammu 1200 14012022 PTI

চাৰি দিন ধৰি দেশত ক’ভিড সংক্রমিতৰ সংখ্যা ১৮ হেজাৰৰ ওপৰত থাকিলেও সোমবাৰে সেই সংখ্যা কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা কমি হ’ল ১৬,৬৭৮ । দেওবাৰে এই সংখ্যা আছিল ১৮,২৫৭ ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্রক পিছ পেলাই শীর্ষত পশ্চিমবংগ । পশ্চিমবংগত দৈনিক আক্রান্তৰ সংখ্যা তিনি হেজাৰ স্পৰ্শ কৰিছে । বিগত ২৪ ঘণ্টাত পশ্চিমবংগত দৈনিক সংক্রমিতৰ সংখ্যা ২,৯৬২ । ইয়াৰ পাছতে আছে কেৰালা (২,৮৮৪), মহাৰাষ্ট্র (২,৫৯১), তামিলনাডু (২,৫৩৭) আৰু কর্নাটক (৯৪২) । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১৪,৬২৯ জন ।

এই পর্যন্ত দেশজুৰি সুস্থ হৈ উঠিছে চাৰি কোটি ২৯ লাখ ৮৩ হেজাৰ ১৬২ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫০ শতাংশ । ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যাও কমিছে । দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ২৬ জনৰ । ইয়াৰ ভিতৰত কেৰালাত মৃতৰ সংখ্যা সর্বোচ্চ ।

কেৰালাতেই ১৮ জন ব্যক্তি ক’ভিডত আক্রান্ত হৈ প্রয়াত হৈছে । ইয়াৰ উপৰি পশ্চিমবংগত চাৰিজন, ৰাজধানীত দুজন আৰু হিমাচল প্রদেশ আৰু অন্ধ্রপ্রদেশত এজনকৈ মৃত্যুৰ খবৰ পোৱা গৈছে । দেওবাৰে ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা আছিল ৪২ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৪৫৪ ।

বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হৈছে ৫.৯৯ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.২২ শতাংশ । সমগ্ৰ ভাৰতত এই পর্যন্ত ১৯৮ কোটি ৮৮ লাখ ৭৭ হেজাৰ ৫৩৭ টিকাকৰণ হৈছে ।

Exit mobile version