Sonia Gandhi : ২১ জুলাইত হাজিৰিৰ নির্দেশ, নেছনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীক পুনৰ তলব ইডি-ৰ

নেছনেল হেৰাল্ড গোচৰত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক পুনৰ তলব কৰিলে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেট (ইডি)য়ে । অহা ২১ জুলাইত ইডি দপ্তৰত কংগ্ৰেছ সভানেত্ৰী ছোনিয়াক হাজিৰি দিবলৈ কোৱা হৈছে ।

ইয়ৰ পূৰ্বেও কংগ্রেছ সভানেত্রীক তলব কৰিছিল ইডি-য়ে । কিন্তু, শাৰীৰিক অসুস্থতাৰ বাবে তদন্তকাৰীসকলৰ মুখামুখি হ’ব পৰা নাই ৰাজীৱ-পত্নী ।

নেছনেল হেৰাল্ড গোচৰত যোৱা ২৩ জুনত ছোনিয়াক প্ৰশ্ন উত্তৰৰ বাবে তলব কৰিছিল ইডি-য়ে । ইয়াৰ পূৰ্বে আঠ জুনত কংগ্রেছ সভানেত্রীক এই গোচৰত প্ৰশ্ন উত্তৰৰ বাবে তলব কৰা হয় । কিন্তু ক’ভিড সংক্রমণৰ বাবে সেই সময়ত ইডি দপ্তৰত তেওঁ হাজিৰি দিব নোৱাৰে ।

পাছত হাজিৰিৰ তাৰিখ কিছু সপ্তাহ পিছুৱাৰ অনুৰোধ কৰে ইডি দপ্তৰত পত্ৰ প্ৰেৰণ কৰা হয় ছোনিয়াক । ইডি-ক প্ৰেৰণ কৰা কংগ্রেছ সভানেত্রীয়ে জনায়, সম্প্রতি কৰ’না আক্রান্ত হোৱাৰ বাবে তেওঁৰ শৰীৰ অসুস্থ আৰু হাওঁফাওঁটো সংক্রমণ দেখা দিছে । সেয়ে সম্পূৰ্ণ সুস্থ হৈ উঠা পর্যন্ত ইডি দপ্তৰত হাজিৰিৰ পৰা অব্যাহতি বিচাৰিছিল ।

Exit mobile version