COVID-19 : ক’ভিড আপডেট

20201212205L

মঙলবাৰে ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যা কমি চাৰে ১৩ হেজাৰৰ ওচৰা-ওচৰি থাকিলেও বিগত ২৪ ঘণ্টাত পুনৰ ১৬ হেজাৰৰ অধিক হৈছে । মঙলবাৰে দৈনিক সংক্রমিতৰ সংখ্যা আছিল ১৩,৬১৫ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্তৰ সংখ্যা ২৪ শতাংশ বৃদ্ধি পাই হৈছে ১৬,৯০৬ ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত শীর্ষত আছে পশ্চিমবংগ । বিগত ২৪ ঘণ্টাত পশ্চিমবংগত দৈনিক আক্রান্তৰ সংখ্যা ২,৬৫৯ । সংক্রমণৰ নিৰিখত কেৰালাক পিছ পেলাইছে মহাৰাষ্ট্র‌ই । মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ২,৪৩৫ । ইয়াৰ পাছতে আছে তামিলনাডু (২,২৮০), কেৰালা (২,২১১) আৰু কর্নাটক (৮৯১) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ১৫,৪৪৭ জন । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩০ লাখ ১১ হেজাৰ ৮৭৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৯ শতাংশ ।

বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৩.৬৮ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৩.২৩ শতাংশ । ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা বৃদ্ধি পাইছে । দেশত ২৪ ঘণ্টাত মৃত্যু হৈছে ৪৫ জনৰ । ইয়াৰ ভিতৰত কেৰালাতেই মৃত্যু সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত ১৭ জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি মহাৰাষ্ট্রত ১৩ জন, পশ্চিমবংগত পাঁচজন, গুজৰাটত দুজন আৰু দিল্লী, ওড়িছা, কর্নাটক, বিহাৰ, ঝাড়খণ্ড, পঞ্জাৱ, ছত্তীছগঢ়, উত্তৰ প্রদেশত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । মঙলবাৰে ক’ভিডত আক্রান্ত হৈ এই সংখ্যা আছিল ২০ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৫১৯ । দেশজুৰি এই পর্যন্ত ১৯৯ কোটি ১২ লাখ ৭৯ হেজাৰ ১০ টিকাকৰণ হৈছে ।

Exit mobile version