Fire at Railtrack : প্ৰচণ্ড গৰমত জ্বলিছে ব্রিটেইন, ৰেললাইনত অগ্নি সংযোগ !

3qmc5um fire on train

প্রচণ্ড গৰমৰ স’তে যুঁজিছে লণ্ডনসহ সমগ্ৰ ব্রিটেইন । তাপমাত্রা ইমানেই বাঢ়িছে যে, ৰেললাইনৰ শ্লিপাৰবোৰত হঠাৎ জুই লাগি যায় ।

সম্প্রতি লণ্ডনত এটা ৰেলসেতুৰ ওপৰত ৰেললাইনত জুই লগা দৃশ্য ভাইৰেল হৈছে । লণ্ডন ভিক্টোৰিয়া আৰু ৱাণ্ডছৱার্থৰ মাজত এটা ৰেলসেতু আছে । সেই সেতুৰ ওপৰতেই ৰেললাইনত জুই লগাৰ বিষয়ে সংশ্লিষ্ট কর্তৃপক্ষক জনায় স্থানীয়সকলে ।

সেই খবৰ জনায় দক্ষিণ-পূৱ ৰেলৰ মেনেজিং ডিৰেক্টৰ ষ্টিভ হোৱাইটে । তেওঁ তৎক্ষণাৎ লণ্ডন অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। তেওঁলোক উপস্থিত হৈ দ্রুত জুই নিয়ন্ত্রণত আনে ।

নেটৱর্ক ৰেল ছাউথ-ইষ্ট ৰেললাইনচ জুই লগাৰ সেই ছবি শ্বেয়াৰ কৰি জনাইছে যে, আগন্তুক সপ্তাহত গৰম আৰু বাঢ়িব । ফলত ৰেললাইনত জুই লাগি যোৱাৰ বিষয়টো এটা প্ৰত্যাহ্বান হৈ পৰিছে । নেটৱর্ক ৰেল ছাউথ-ইষ্টে আৰু জনায় যে, শ্লিপাৰৰ কাঠবোৰ শুকান হৈ যোৱাৰ বাবে গৰমত এই ঘটনা ঘটিছে । যদিও ঠিক কি কাৰণত ৰেললাইনত জুই লাগি গৈছে সেয়া এতিয়াও স্পষ্ট নহয় ।

অৱশ্যে এই ধৰণৰ ঘটনা যদি ঘটি থাকে, ৰেললাইন সলনি কৰাৰ চিন্তা-চৰ্চা কৰিব লাগিব বুলি জনাইছে নেটৱর্ক ৰেল ছাউথ-ইষ্টে । বিবিচি-ৰ প্রতিবেদন অনুযায়ী ব্রিটেইনত তাপমাত্রা ৩৪ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে । এই তাপমাত্রা আৰু বাঢ়িব বুলি জনাইছে সেই দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰ‌ই ।

Exit mobile version