Indian rail : ট্রেইন বাতিল ! গুজৰাটত ছাত্রক গাড়ী ভাৰা কৰি গন্তব্যস্থান পোৱালে ৰেল বিভাগে

1657785463 train

ট্রেইন বাতিল হোৱাত এজন ছাত্রক গাড়ী ভাৰা কৰি গন্তব্য ষ্টেচন পোৱালে ভাৰতীয় ৰেলে । গুজৰাটৰ একতানগৰৰ পৰা বডোদৰা যোৱা ট্রেইনৰ টিকিট কাটিছিল আইআইটি মাদ্রাজৰ এজন ছাত্র‌ই । দুঘণ্টাৰ ৰাস্তা তেওঁক পথেৰেই পোৱাই দিয়া হয় ৰেলৰ তৰফৰ পৰা ।

প্ৰবল বৰষুণত গুজৰাটৰ বান পৰিস্থিতিত ৰেললাইনত পানী জমা হোৱাৰ বাবে বিভিন্ন ৰুটত ট্ৰেইন বাতিল কৰিবলগীয়া হৈছে । বুধবাৰেও একতানগৰৰ পৰা বডোদৰা যোৱা কে’বাখনো ট্রেইন বাতিল হয় । অৱশ্যে বৰষুণত ৰেললাইনত পানী জমা হৈ ট্রেইন বাতিল হোৱা ঘটনা নতুন নহয় । কিন্তু ইয়াৰ পূৰ্বে ট্রেইন বাতিল হোৱাৰ বাবে যাত্রীসকলক গাড়ীত গন্তব্য স্থানত পোৱাই দিয়াৰ ঘটনা ঘটিছে বুলি বিশেষ এটা শোনা নাযায় ।

যাত্রীসকলৰ প্রতি ভাৰতীয় ৰেলৰ এই কর্তব্যৰ কথা এটা ভিডিঅ’ কৰি জনাইছে ছাত্রজনে । নিজৰ পৰিচয় দি কয়, ‘‘ম‌ই মাদ্রাজ আইআইটিৰ এয়াৰস্পেছ বিভাগৰ ছাত্র । আজি ভাৰতীয় ৰেলৰ একতানগৰ আৰু বডোদৰা ষ্টেছনৰ ৰেল কর্মচাৰীসকলে মোক গন্তব্য স্থানত পোৱাই দিয়াত যিদৰে সহায় কৰিছে, তাত ম‌ই আপ্লুত ।’’

একতানগৰৰ পৰা বডোদৰাত গৈ তাৰ পৰা চেন্নাইলৈ যোৱা ট্রেইন ধৰাৰ কথা আছিল ছাত্রজনৰ । ২০৯২০ একতানগৰ-বডোদৰা ট্রেইনৰ যাত্রী আছিল তেওঁ । ছাত্রজনৰ ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছে বডোদৰাৰ ডিআৰএম । তেওঁ লিখিছে, ‘একতানগৰৰ পৰা বডোদৰা যোৱা ট্রেইন ২০৯২০ নম্বৰ ট্রেইনৰ একমাত্র যাত্রী আছিল ছাত্রজন । ৰেলে তেওঁক তেওঁৰ গন্তব্য স্থানত পোৱাই দিয়াথ ব্যৱস্থা কৰিছে ।’ এই ভিডিঅ’ত ছাত্রজনকো কোৱা শোনা যায়, ‘‘ৰেলে যে প্রতিজন যাত্রীৰ প্রতি এনেদৰে দায়বদ্ধ, সেয়া এই সেৱাত স্পষ্ট ।’’

Exit mobile version