James Webb Space Telescope : দ্বিতীয় চমক ! ভিনগ্রহত মেঘ-পানী প্ৰত্যক্ষ ৱেবৰ

distant planets

এহেজাৰ আলোকবর্ষ দূৰৰ এখন জগৎ । তাতো আছে এটা সূর্য । তাক বৃত্ত কৰি প্রদক্ষিণ কৰিছে এটা দৈত্যাকাৰ গেছীয় পিণ্ড ।

ঠিক যেন এই পৃথিৱীৰেই প্রতিবিম্ব, মহাকাশৰ ক’লা অন্ধকাৰত কোনো এটা আইনাত ফুটি উঠিছে । তাত পানী, মেঘ, ধোঁৱা… সকলোৰে চিহ্ন স্পষ্ট । নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপৰ দ্বিতীয় চমক । কিছুদিন পূৰ্বেই প্রকাশিত হৈছে জেমছ ৱেবে তোলা এটা নির্মীয়মাণ নক্ষত্রপুঞ্জৰ সমাহাৰৰ ছবি ।

পৃথিৱীৰ দৰে প্রাণৰ অনুকূল কোনো গ্রহ যে থাকিব পাৰে, তেনে ইংগিত পূৰ্বেও পোৱা গৈছিল । টেলিস্কোপৰ লেন্সত ধৰা পৰা কোনো কোনো ভিনগ্রহৰ ছবি দেখি কৌতূহলো জন্মিছে । কিন্তু এনে স্পষ্ট ছবি, জেমছ ৱেবৰ আগতে কোনেও দিয়া নাই । নাছাই জনাইছে, ডব্লিউএএছপি-৯৬ মিল্কি ৱেৰৰেই এটা এক্সোপ্লেনেট । তাৰ দৰে পাঁচ হেজাৰ এক্সোপ্লেনেট চিহ্নিত হৈছে । এক্সোপ্লেনেট হ’ল সৌৰজগতৰ বাহিৰত থকা কোনো গ্রহ, যিয়ে পৃথিৱীৰ দৰে কোনো এটা নক্ষত্রক প্রদক্ষিণ কৰিছে । পৃথিৱীৰ দক্ষিণৰ আকাশত আমাৰ গ্রহৰ পৰা প্রায় ১১৫০ আলোকবর্ষ দূৰত ফিনিক্স কনষ্টেলেছন বা নক্ষত্রপুঞ্জত আছে ডব্লিউএএছপি-৯৬ গ্রহটো । এইটো এটা গেছীয় পিণ্ড, কিন্তু সৌৰজগতৰ ইয়াৰ স’তে কোনো প্ৰত্যক্ষ সম্পর্ক নাই । বৃহস্পতি গ্রহৰ অর্ধেকৰো কম ভৰ ইয়াৰ । কিন্তু ব্যাস বৃহস্পতিৰ ১.২ গুণ অধিক । সৌৰজগতৰ যিকোনো গ্রহৰ তুলনাত ই বহু স্ফীত । তাপমাত্রাও বসবাসৰ অযোগ্য, ৫৩৮ ডিগ্রী ছেলছিয়াছ ।

তদুপৰি আৰু কিছু বিষয় চকুত পৰাৰ দৰে । গ্রহটো তাৰ নক্ষত্রৰ পৰা খুব এটা বেছি দূৰত নাই । সূর্যৰ আটাইতকৈ কাষৰ গ্রহ বুধ । সিহঁতৰ মাজত যি দূৰত্ব, তাৰ ন ভাগৰ এক ভাগ দূৰত্ব আছে ডব্লিউএএছপি-৯৬ আৰু তাৰ সূর্যৰ । পৃথিৱীৰ চাৰে তিনি দিনতেই গ্রহটোৱে তাৰ নক্ষত্রক এপাক ঘূৰে । এই সামগ্রিক চৰিত্র, অর্থাৎ প্রকাণ্ড আকাৰ, কম প্রদক্ষিণকাল, স্ফীত পৰিমণ্ডল, এইবোৰৰ বাবেই ডব্লিউএএছপি-৯৬-ক লৈ মহাকাশ বিজ্ঞানীসকলৰ আগ্রহ জন্মিছে । ইমান বিশদ তথ্য ইয়াৰ পূৰ্বে কেতিয়াও পোৱা নাই ।

জেমছ ৱেবৰ পূর্বসূৰী হাবল টেলিস্কোপে বিগত দুই দশকত অসংখ্য এক্সোপ্লেনেট নজৰবন্দি কৰিছে, তেওঁলোকৰ বায়ুমণ্ডল বিশ্লেষণ কৰিছে, ২০১৩ত প্রথম স্পষ্টভাৱে চিহ্নিত কৰিছে পানীৰ উপস্থিতি । কিন্তু জেমছ ৱেবে অভিযানত নেমিয়ে চমক লগাই দিছে । আশা জগাইছে, শীঘ্রে প্রাণৰ অনুকূল কোনো গ্রহৰ সন্ধান পোৱা যাব পাৰে ।

২১ জুনত জেমছ ৱেবৰ ‘নিয়াৰ-ইনফ্রাৰেড ইমেজাৰ এণ্ড শ্লিটলেছ স্পেক্ট্রোগ্রাফ’ (এনআইআৰআইএছএছ)-ত ধৰা পৰে ডব্লিউএএছপি-৯৬ । সেইদিনাখন গ্রহটো নিজৰ নক্ষত্রৰ কাষেৰে যোৱাৰ সময়ত নক্ষত্রৰ ৰশ্মি তাৰ গাত পৰে । তাৰ পাছত প্রতিফলিত হৈ প্রায় চাৰে ছয় ঘণ্টা দৃশ্যমান হয় এক্সোপ্ল্যানেটটো । সেই প্রতিফলিত পোহৰৰ পথ অনুসৰণ কৰিয়ে জানিব পৰা গৈছে দূৰ-গ্রহৰ প্রতিটো চৰিত্র, আকাৰ, কক্ষপথ, অস্তিত্বৰ কথা ।

ইমান বিশদ তথ্য এয়ে প্রথম জানিব পৰা গ’ল ।কৃতিত্ব অৱশ্যে জেমছ ৱেবৰ । এই দূৰবীক্ষণ যন্ত্রত বিশেষ স্পেকট্রাম আছে । ই পানী, অক্সিজেন, মিথেন বা কার্বন-ডাই-অক্সাইডক চিহ্নিত কৰিবলৈ সক্ষম । এই স্পেকট্রাম ব্যৱহাৰ কৰি বিজ্ঞানীসকলে জানিব পাৰিব, কোনো ভিনগ্রহৰ বায়ুমণ্ডলত কিমখন জলীয় বাষ্প, কার্বন আৰু অক্সিজেন আছে, গ্রহৰ বায়ুমণ্ডলৰ আনুমানিক তাপমাত্রা আৰু গভীৰতা । গ্রহৰ জন্মৰ পৰা জীৱন বৃত্তান্ত সকলো জানিব পৰা যাব । মানুহৰ হাতৰ মুঠিত আহিব নক্ষত্র ।

Exit mobile version