Monkeypox : ভাৰতত প্রথম মাংকিপক্স আক্রান্তৰ সন্ধান ওলাল কেৰালাত, চাৰিদিন পূৰ্বে উভতিছিল বিদেশৰ পৰা

Monkeypox Virus Symptoms

ভাৰতত প্রথম মাংকিপক্স আক্রান্তৰ সন্ধান পোৱা গ’ল । চাৰিদিন পূৰ্বে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰা উভতিছিল কেৰালাৰ বাসিন্দাজন । উপসর্গ দেখি তেওঁৰ নমুনা প্ৰেৰণ কৰা হয় পুনেৰ গৱেষণাগাৰত । তাতেই তেওঁৰ মাংকিপক্স ধৰা পৰিছে বুলি জনাইছে কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা জর্জে ।

ৰিপ’ৰ্ট পজিটিভ অহাৰ পাছত কেন্দ্র‌ই এটা বিশেষ দল গঠন কৰি কেৰালা প্ৰেৰণ কৰা হ’ব বুলি জনাইছে । সেই দলটো ৰাজ্য চৰকাৰক সংক্রমণ বিয়পা ৰোধ কৰাত সহায় কৰিব ।

Exit mobile version