এছিয়াৰ বৃহৎ কল বজাৰৰূপে অভিহিত দৰংগিৰি কল বজাৰকলৈ ষড়যন্ত্ৰ দুষ্টচক্ৰৰ

দৰংগিৰি বজাৰৰ ভুৱা চালান বনাই কলৰ মাজত চোৰাং কাঠ সৰবৰাহ কৰা কাৰ্য পোহৰলৈ

WhatsApp Image 2022 07 16 at 6.47.51 PM

দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সংবাদমেলত প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী

 

ADVERTISEMENT

এছিয়াৰ বৃহৎ কল বজাৰৰূপে অভিহিত গোৱালপাৰা জিলাৰ দৰংগিৰি কল বজাৰক কালিমা সনাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে । শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় কল বজাৰখনৰ ভুৱা চালান ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ ট্ৰাকত কলৰ মাজত চোৰাং কাঠ সৰবৰাহ কৰা ঘটনা পোহৰলৈ অহাত উদ্বিগ্ন হৈ পৰিছে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতি । পূৰ্বৰে পৰা দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে নিজাববীয়া প্ৰচেষ্টাৰে বহিঃৰাজ্য আৰু চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা কল ব্যৱসায়ীসকলক পৰ্যাপ্ত সা-সুবিধা আৰু নিৰাপত্তা প্ৰদান কৰি বজাৰখন সুচাৰুৰূপে পৰিচালিত কৰি আহিছে ।

ইতিমধ্যে দৰংগিৰি কল বজাৰখনে আন্তঃৰাষ্ট্ৰীয় সুনাম অৰ্জন কৰি গোৱালপাৰা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । কিন্তু যোৱা আঠ জুলাইত চিৰাঙত এখন কল ভৰ্তি‌ ট্ৰাকত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ হৈছিল আৰু কলৰ ট্ৰাকখনত দৰংগিৰি আন্তঃৰাষ্ট্ৰীয় কল বজাৰৰ চালান উদ্ধাৰ কৰা হৈছিল । এক সংবাদমেল যোগে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ৰাভাই এয়া এক দুষ্ট চক্ৰৰ কাৰ্য বুলি প্ৰকাশ কৰে আৰু চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰশাসনক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনায় ।

কল ভৰ্তি উক্ত ট্ৰাকখন দৰংগিৰিৰ পৰা যোৱা নাছিল আৰু কলৰ মাজত চোৰাং কাঠ সৰবৰাহ কৰা চক্ৰটোৱে ভুৱা চালান বনাই দৰংগিৰি কল বজাৰখনক বদনাম কৰাত তীব্ৰ ক্ষোভ উজাৰে দৰংগিৰি উন্নয়ন সমিতিৰ সভাপতিগৰাকীয়ে ।

সংবাদ মেলত দিগন্ত কুমাৰ ৰাভাই স্পষ্ট কৰি দিয়ে যে দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে দিয়া চালান সমূহত সভাপতি, সম্পাদকৰ উপৰিও কালেক্ট’ৰৰ চহী থকাটো বাধ্যতামূলক যদিও চিৰাঙত উদ্ধাৰ হোৱা ভুৱা চালানত নাছিল কোনো কালেক্ট’ৰৰ চহী । তদুপৰি দৰংগিৰি কল বজাৰৰ নামত বনোৱা ভুৱা চালানত থকা সভাপতি আৰু সম্পাদকৰ চহী দুটাও ভুৱা ! গতিকে প্ৰকৃত চালানৰ স’তে নিমিলে বুলি সংবাদ মেলত প্ৰদৰ্শন কৰি প্ৰমাণ কৰি দিয়ে সভাপতিগৰাকীয়ে ।

বৰ্তমান দৰংগিৰি কল বজাৰত সোমবাৰ আৰু বৃহস্পতিবাৰে সপ্তাহত দুদিনহে কল বজাৰ বহে আৰু আঠ জুলাইত দৰংগিৰি কল বজাৰত কোনো ধৰণৰ কল বেচা-কিনা হোৱাই নাছিল বুলি প্ৰকাশ কৰে । গতিকে মাত্ৰ বহিঃৰাজ্যলৈ চোৰাং কাঠ সৰবৰাহ কৰাৰ স্বাৰ্থত দৰংগিৰি কল বজাৰখনৰ সন্মানত আঘাত দি মুনাফা লুটা চক্ৰটোক কৰায়ত্ব কৰাৰ দাবী জনায় প্ৰশাসনৰ ওচৰত । সংবাদমেলখনত গোৱালপাৰা জিলাৰ বন বিভাগৰ বিষয়াসকলকো তীব্ৰ সমালোচনা কৰে সভাপতি দিগন্ত কুমাৰ ৰাভাই ! বন বিভাগৰ দুৰ্বলতা আৰু অকৰ্মণ্যতাৰ বাবেই এনে দুষ্কাৰ্য সংঘটিত হোৱা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে ধৃত ট্ৰাকখনত‌ দৰংগিৰিৰ পৰা কলিকতালৈ কল ৰপ্তানি কৰা বুলি ভুৱা চালানখনত উল্লেখ থকা বুলি দৰংগিৰি উন্নয়ন সমিতিৰ সভাপতিগৰাকীয়ে আঙুলিয়াই দিয়ে । ইয়াৰ পৰা নিশ্চিত হয় যে অসমৰ পৰা বহিঃৰাজ্যলৈ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় কৰা কোনো এক বৃহৎ চক্ৰ জড়িত হৈ আছে । অসমৰ প্ৰাকৃতিক সম্পদ ধ্বংস কৰি বহিঃৰাজ্যলৈ মূল্যৱান কাঠ সৰবৰাহ কৰা উক্ত চক্ৰটো প্ৰশাসনে চিনাক্ত কৰি ধৰিব পাৰিবনে ? আজিৰ তাৰিখত এয়া এক বৃহৎ প্ৰশ্ন !

Exit mobile version