Digital News : বিধিৰ বান্ধোনত এইবাৰ ডিজিটেল সংবাদ ! ৰেজিষ্ট্ৰেছন ৯০ দিনৰ ভিতৰতেই

Capture 14

বিধিৰ বান্ধোনত এইবাৰ ডিজিটেল সংবাদ পৰিৱেশন । সংসদত অনা হৈছে ৰেজিষ্ট্ৰেছন অৱ প্রেছ এণ্ড পিৰিঅ’ডিকেলছ বিল ২০১৯ । আসন্ন বৰ্ষাকালীন অধিবেশনত উত্থাপন কৰা হ’ব এই বিল । যাৰ ফলত প্রশ্ন উঠিছে যে এইবাৰ বান্ধোনৰ আওতাত আহিব নেকি ডিজিটেল খবৰ ?

দীর্ঘদিন ধৰি এই দাবী উত্থাপিত হৈ আহিছিল । কোৱা হৈছিল, টেলিভিছন আৰু প্রিন্ট মিডিয়াৰ বাবে দেশত এটা প্রতিষ্ঠিত নিয়ম আছে । কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ অধীনত সম্পূৰ্ণ বিষয়টো নিয়ন্ত্রিত হয় । কিন্তু ডিজিটেল মিডিয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা কোনো নিয়ম আৰু বিধিনিষেধ ইমান দিনে নাছিল ।

ইপিনে, বিগত ডেৰ দশকত দেশত ডিজিটেল মিডিয়াই ব্যাপকভাৱে প্রসাৰ লাভ কৰিছে । সৰু-বৰ অসংখ্য নিউজ প’র্টেল আত্মপ্রকাশ কৰিছে । ফলত ক’ত কি পৰিবেশিত হৈছে ? কোনো ভুৱা খবৰ পৰিবেশন হৈছে নেকি ? কোনো নিয়ম বিৰুদ্ধ কিবা প্ৰকাশ কৰা হৈছে নেকি ? সেই বিষয়ত পৰ্যবেক্ষণ কৰাৰ প্রশ্ন উত্থাপিত হৈছিল । এটা নির্দেশনাৰ আওতাত ডিজিটেল মিডিয়াক অনা আৰু তাক নিয়ন্ত্রণ কৰাৰ বিষয়টো উত্থাপিত হৈছিল । এতিয় আসন্ন বৰ্ষাকালীন অধিবেশনত বিলৰ সংশোধনীত ছিলমোহৰ দি সেই পথেই অৱলম্বন কৰিব কেন্দ্রীয় চৰকাৰে । সেয়া স্পষ্ট কৰি দিছে কেন্দ্র‌ই ।

প্রসংগত, টেলিভিছন বা প্রিন্ট সংবাদমাধ্যমৰ ক্ষেত্রত পূৰ্বে ৰেজিষ্ট্ৰেছন কৰিবলগীয়া হয় । কিন্তু ডিজিটেল মিডিয়াৰ বাবে ইমান দিনে কোনো ধৰণৰ ৰেজিষ্ট্ৰেছনৰ প্ৰয়োজন হোৱা নাছিল । কিন্তু যিদিনাখন নতুন আইন পাছ হ’ব, তাৰ ৯০ দিনৰ ভিতৰতে সমস্ত ডিজিটেল সংবাদমাধ্যমে ৰেজিষ্ট্ৰেছন কৰিব লাগিব । ৰেজিষ্ট্ৰেছন নকৰিলে প’ৰ্টেলবোৰক অনুমোদিত ডিজিটেল সংবাদমাধ্যম হিচাপে গণ্য কৰা নহ’ব ।

Exit mobile version