Drone : জম্মু-কাশ্মীৰত সীমান্ত অঞ্চলত চাঞ্চল্য ! ১৫ মিনিট পাছত পাকিস্তান অভিমুখী ড্র’ন

drone getty

কাশ্মীৰত ৰহস্যময় ড্র’ন পৰিলক্ষিত । আৰক্ষী সূত্র‌ই সংবাদ সংস্থাক জনাইছে, ড্র’নটো পাকিস্তানৰ । সাম্বা জিলাত মাংগু চক গাঁৱত ভাৰত-পাকিস্তান সীমান্ত অঞ্চলত ড্র’নটো দেখিবলৈ পোৱা যায় ।

সংবাদ সংস্থা সূত্রে খবৰ, প্রায় ১৫ মিনিট ধৰি সীমান্ত কাষৰীয়া অঞ্চলত পাক মাৰিছে ড্র’নটোৱে । তাৰ পাছত ড্ৰ’নটো পাকিস্তান অভিমুখে গুচি যায় ।

তথ্য অনুসৰি, ড্র’নটো প্রথমে দেখা পায় গাঁওবাসীসকলে । তেওঁলোকেই আৰক্ষীক খবৰ দিয়ে । এই ঘটনাৰ পাছতেই তৎপৰ হৈছে আৰক্ষী আৰু নিৰাপত্তাবাহিনী । অঞ্চলত তালাচী অভিযান আৰম্ভ কৰা হৈছে ।

যোৱা জুলাই মাহটো সীমান্ত কাষৰীয়া অঞ্চলত এটা ড্র’ন পৰিলক্ষিত হৈছিল । সেইবাৰ সাম্বা জিলাৰ ৰাজপুৰাত দেখা গৈছিল ড্র’ন । জুনতো সাম্বা অঞ্চলত পাক ড্র’নৰ সন্ধান পোৱা গৈছিল ।

Exit mobile version