মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ

WhatsApp Image 2022 07 18 at 4.32.57 PM

মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰা হয় । আজিৰ গছপুলি ৰোপণ কাৰ্যসূচীত মহকুমাধিপতি ডাঃ নেহা যাদৱকে ধৰি মহকুমাধিপতি কাৰ্যালয়ৰ সমূহ বিষয়া, কৰ্মচাৰী আৰু মহকুমাধিপতি কাৰ্যালয় চৌহদত থকা বিভিন্ন কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ তত্বাৱধানত ১৭ জুলাইৰ পৰা ১৫ আগষ্ট ২০২২ সময়সীমাৰে চলিবলগীয়া মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়, স্বায়ত্তশাসিত পৰিষদ, নিগম, কৰ্প’ৰেচন, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, পৌৰ নিকায় আৰু অসম চৰকাৰৰ অধীনত থকা সকলো শিক্ষানুষ্ঠানৰ চৌহদক সামৰি ল’ব ।

এই প্ৰকল্পৰ মূল উদ্দেশ্য হ’ল কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, ঔষধি আৰু ফলমূলৰ উদ্ভিদকে ধৰি গুৰুত্বপূৰ্ণ থলুৱা উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণ কৰা, প্ৰাতিষ্ঠানিক চৌহদৰ সেউজ সৌন্দৰ্য বৃদ্ধি কৰা, জলবায়ু পৰিৱৰ্তন প্ৰশমনত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা, পৰিৱেশ সংৰক্ষণৰ যোগেদি জীৱনৰ সৌন্দৰ্য বৃদ্ধি কৰা আৰু চৌপাশত নিৰ্মল বায়ু লাভ কৰা ।

উল্লেখযোগ্য যে, গছপুলি ৰোপণ কৰাৰ পাছত প্ৰতিগৰাকী কৰ্মচাৰীয়ে গুগল প্লে ষ্টোৰ বা www.shyamaleechouhad.assam.gov.in ৱেব প’ৰ্টেলৰ পৰা মোবাইল এপ্‌ ডাউনলোড কৰি গছপুলিৰ ফটো তুলি প’ৰ্টেলটোত আপলোড কৰিব লাগিব । সকলো চৰকাৰী কৰ্মচাৰীয়ে ৰোপণ কৰা গছপুলি তিনি বছৰ যত্ন লৈ গছপুলিৰ ফটো প্ৰতি তিনি মাহৰ মূৰে-মূৰে ৱেবছাইটত আপডেট কৰিব লাগিব ।

Exit mobile version