Monkeypox : মাংকি পক্স আতংক ! দেশত দ্বিতীয় আক্রান্তৰ সন্ধান

ক’ভিডৰ প্ৰকোপ অন্ত নৌপৰোতেই, মাংকি পক্স সংক্রমণ ! দেশত পুনৰ এজন মাংকি ভাইৰাছত আক্রান্তৰ সন্ধান পোৱা গৈছে । কেৰালাৰ কুন্নুৰ জিলাত এজনৰ শৰীৰত এই ভাইৰাছ পোৱা গৈছে বুলি জনাইছে সে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা গর্গে জনাইছে, ডুবাইৰ পৰা উভতি অহা ৩১ বছৰ বয়সৰ এজন যুৱক এই ভাইৰাছত সংক্রমিত হৈছে । বিগত সপ্তাহত ডুবাইৰ পৰা কেৰালালৈ উভতি আহে তেওঁ । তেওঁক হাস্পাতালত ভর্তি কৰোৱা হৈছে । বর্তমান তেওঁৰ শাৰীৰিক অৱস্থা স্থিতিশীল । যুৱকজনৰ সংস্পর্শত অহা সকলক পর্যবেক্ষণত ৰখা হৈছে ।

সম্প্রতি কেৰালাত দেশত প্রথম মাংকি পক্সত আক্রান্তৰ সন্ধান পোৱা যায় । সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা লোকজন উভতি আহিছে বুলি জানিব পৰা গৈছিল । উপসর্গ পৰিলক্ষিত হোৱাৰ পাছত তেওঁৰ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল পুণেৰ গৱেষণাগাৰত । তাতেই ৰিপ’র্ট পজিটিভ আহে । লোকজন বিদেশত এজন মাংকি পক্স আক্রান্তৰ সংস্পর্শত আহিছিল । সেয়ে সংক্রমণ হৈছে বুলি জানিব পৰা গৈছে ।

Exit mobile version