দিনটোৰ ৰাশিফল

16505268443181

মেষঃ যিকোনো কামকে ভাবি-চিন্তি কৰক । বাঞ্ছিত ফল লাভত বাধা পাব । ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক । বিদ্যাত সিমান নিৰাশ নহ’ব । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২ ।

বৃষঃ অন্তৰংগ বন্ধু বান্ধৱীৰ লগত আনন্দ । অধিক কৰ্মবোজা পৰিলেও কিছু নিয়ন্ত্ৰণ কৰক । প্ৰেম-প্ৰীতিত খুব বেয়া নহ’ব । কৰ্মলাভত উপকৃত হ’ব । ব্যৱসায়ত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ৫ ।

মিথুনঃ আৰ্থিকত বেয়া দেখা নাযায় । সাধাৰণ খৰচ পাতি অৱশ্যে বৃদ্ধি পোৱাৰ সম্ভাৱনা । বিদ্যাত সাধাৰণ উন্নতি । যোগ্যতাত পুৰষ্কাৰ পাব । প্ৰেম-প্ৰীতিত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

কৰ্কটঃ কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হ‌ওক । খৰচ বৃদ্ধি পাব । সাধাৰণ শৰীৰৰ দুশ্চিন্তা । দাম্পত্যত মোটামুটি সুখৰ কাৰক । উদ্বিগ্নতাৰ সমাধানৰ উৎস । শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।

সিংহঃ নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব । দিনটোত ব্যৱসায়ীসকল লেনদেন কৰোতে সাৱধান হ’ব । আৰ্থিক দিশত ধন হানি হোৱাৰ যোগ । শুভ ৰং বগা, শুভ সংখ্যা ৯ ।

কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । হঠাৎ কাৰোবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে । বিদ্যাত মধ্যম । ভ্ৰমণাদিত আৰ্থিক হানিৰ যোগ । আলহীৰ আগমন । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৭ ।

তুলাঃ বিয়াৰ প্ৰস্তাৱ আহিব পাৰে । সম্পত্তি লৈ কাজিয়া-পেচাল হোৱাৰ সম্ভাৱনা । চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে । গা ধুই সূৰ্যক প্ৰণাম কৰিব পানী ঢালিব । শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ।

বৃশ্চিকঃ ওলোটাভাৱে আপোনাক আমনি দিব অথবা কৰ্মত ব্যাঘাত আনিব । আনৰ কথাত বেছি প্ৰাধান্য নিদিব । বিদ্যাত শুভ । দাম্পত্যত বিৰোধ । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১ ।

ধনুঃ অকাৰণ বা কাৰণতেই হ‌ওক কোনো লগত মত বিৰোধ হোৱাৰ আশংকা । লেনদেনত সাৱধান থাকক । শৰীৰ ভালেই বুলিব পাৰি । ঘৰুৱা দিশত দুশ্চিন্তা নাই । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬ ।

মকৰঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক । নতুন কোনো যোগাযোগত উৎসাহিত । শৰীৰত পুৰণি বেমাৰে আমনি কৰিব । বন্ধুবৰ্গৰ প্ৰতি সাৱধান । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কুম্ভঃ মজলীয়া হ’লেও উন্নত । দূৰ যোগাযোগত বাধাপ্ৰাপ্ত পেটৰ অসুখৰ কাৰক । বিদ্যাত নিৰাশ নহ’ব । ব্যৱসায়ত ঋণৰ কাৰকতা । প্ৰেমত সাধাৰণ মতান্তৰ । শুভ ৰং বগা, শুভ সংখ্যা ৫ ।

মীনঃ আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা । কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব । বিদ্যাত মধ্যম । প্ৰেমত শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

Exit mobile version