গুৰুফেলাত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ কেন্দ্ৰ মুকলি

WhatsApp Image 2022 07 20 at 7.56.25 PM

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি চৰকাৰে ঘোষনা কৰা “হৰ ঘৰ তিৰংগা” অভিযানৰ প্ৰতি লক্ষ্য কৰি আজি গোসাইগাঁও মহকুমাৰ গুৰুফেলাত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ কেন্দ্ৰ মুকলি কৰা হয় ।

ADVERTISEMENT

কচুগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ জুপিতৰা ক্লাষ্টাৰ লেভেল ফেডাৰেচনৰ উদ্যোগত গুৰুফেলা উন্নয়ন খণ্ড কাৰ্যালয়ৰ সমীপত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰটো উদ্বোধন কৰে কচুগাঁও উন্নয়ন খণ্ডৰ বিষয়া ছানছুমা বসুমতাৰীয়ে ৷ কচুগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ আত্মসহায়ক গোটৰ মহিলাসকলে নিজ হাতেৰে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকাসমূহ উক্ত কেন্দ্ৰত বিক্ৰী কৰিব ৷

উক্ত অনুষ্ঠানত কচুগাঁও ভিচিডিচিৰ সভাপতি দিৱস সৰকাৰসহ কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version