বানপীড়িতক সাহাৰ্য বিতৰণৰ নামত স্বজন-তোষণ, দুৰ্নীতি-অনিয়ম

দুৰ্নীতিৰ অভিযোগ তুলি কচুৱাত পঞ্চায়ত কাৰ্যালয় ঘেৰাও তিনি গাঁৱৰ বানপীড়িতৰ, সুযোগ বুজি পলায়ন সভানেত্ৰীৰ

WhatsApp Image 2022 07 20 at 7.56.44 PM

নগাঁও জিলাৰ কচুৱাৰ লংজাপ পঞ্চায়তত আজি তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । চৰকাৰে দিয়া ৩৮০০ টকা প্ৰকৃত হিতাধিকাৰীয়ে নোপোৱাত লংজাপ গাঁও পঞ্চায়ত ঘেৰাও কৰে উত্তেজিত বানাক্ৰান্ত জনতাই । লংজাপ পঞ্চায়তৰ পশ্চিম লংকা গাঁও, সৰু শালনি আৰু মাজ লংকা গাঁও এই তিনিখন গাঁও বানৰ কৱলত থকাৰ পাছতো চৰকাৰী ৩৮০০ টকাৰ সাহাৰ্য নোপোৱাত ক্ষোভিত হৈ পৰে উত্তেজিত ৰাইজ ।

পঞ্চায়তখনৰ সভাপতি, সম্পাদকৰ লগতে সকলো কৰ্মচাৰীকে আৱদ্ধ কৰি প্ৰতিবাদ কৰে ক্ষোভিত জনতাই । পঞ্চায়তটোত তলা ওলমাই দিয়ে উত্তেজিত লোকসকলে ।

উল্লেখ্য যে, পঞ্চায়তটোৰ সভানেত্ৰী ৰেখামণি বৰাৰ পৰিয়ালৰ লোকসকলে পানী নোসোমোৱাকৈ টকা পোৱাত ক্ষোভিত হৈ পৰে উত্তেজিত লোকসকল । পঞ্চায়ত সভানেত্ৰীগৰাকীক দীৰ্ঘ সময় ধৰি আৱদ্ধ কৰি ৰাখে উত্তেজিত জনতাই ।

অৱশ্যে পাছত সুযোগ বুজি পলায়ন কৰে সভানেত্ৰীগৰাকীয়ে । পাছত ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰে । প্ৰতিবাদী ৰাইজে এই সংক্ৰান্তত কচুৱা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ লগতে নগাঁও জিলাৰ উপায়ুক্ত আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰে ।

Exit mobile version