COVID-19 : ক’ভিড আপডেট

Covid kerala 3

দুদিন দেশজুৰি দৈনিক সংক্রমণৰ লেখচিত্র নিম্নমুখী হ’লেও বিগত ২৪ ঘণ্টাত এই সংখ্যাই পুনৰ ২০ হেজাৰৰ ঘৰ অতিক্ৰম কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, দেশত দৈনিক সংক্রমিতৰ সংখ্যা ২০,৫৫৭ । মঙলবাৰে এই সংখ্যা আছিল ১৫,৫২৮ । পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বৃদ্ধি পাই হ’ল ৪.১৩ শতাংশ । মঙলবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৩.৩২ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১৮,৫১৭ জন সুস্থ হৈছে । এই পর্যন্ত দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩১ লাখ ৩২ হেজাৰ ১৪০ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৪৭ শতাংশ । দেশজুৰি এই পর্যন্ত ২০০ কোটি ৬১ লাখ ২৪ হেজাৰ ৬৮৪ টিকাকৰণ হৈছে ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ তালিকাত পশ্চিমবংগ আৰু তামিলনাডুক পিছ পেলাই শীর্ষত মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ২,২৭৯ । ইয়াৰ পাছতে আছে পশ্চিমবংগ (২,২৪৩), তামিলনাডু (২,১৪২) আৰু পঞ্জাৱ (১,৯৪১) । ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৪০ জনৰ । ইয়াৰ ভিতৰত কেৰালাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা সর্বোচ্চ । বিগত ২৪ ঘণ্টাত কেৰালাত ১১ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি পশ্চিমবংগ আৰু মহাৰাষ্ট্রত ছজন, পঞ্জাৱত চাৰিজন, অসম আৰু ছিকিমত তিনিজন, ৰাজধানীত দুজন আৰু ওড়িছা, ৰাজস্থান, হাৰিয়ানা, মণিপুৰ আৰু জম্মু আৰু কাশ্মীৰত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । মঙলবাৰে ক’ভিডত আক্রান্ত হৈ মৃত ব্যক্তিৰ সংখ্যা আছিল ২৫ । পৰিসংখ্যা অনুযায়ী, ক’ভিডত আক্রান্ত হৈ ভাৰতত মৃতৰ সংখ্যা বাঢ়ি হৈছে পাঁচ লাখ ২৫ হেজাৰ ৮২৫ ।

Exit mobile version