Passport : বিশ্বৰ সৰ্বাধিক ‘ক্ষমতাশালী’ পাছপ’র্ট জাপানৰ, আমেৰিকা সপ্তম ! কোন স্থানত ভাৰত ?

1658231545 indian passport

বিশ্বৰ সৰ্বাধিক ‘ক্ষমতাশালী’ পাছপ’র্ট জাপানৰ । সেই তালিকাত আমেৰিকা সাত, চীন ৬৯ আৰু ভাৰত ৮৭ নম্বৰ স্থানত আছে । ক’ভিড পৰৱর্তী পৰিস্থিতিত পাছপ’ৰ্টৰ গ্রহণযোগ্যতাৰ ভিত্তিত এই তালিকা প্রকাশ কৰিছে আন্তর্জাতিক প্ৰব্ৰজন বিষয়ক সমীক্ষা সংস্থা ‘হেনলি এণ্ড পার্টনাৰ্ছ’এ ।

সম্প্রতি প্রকাশিত ‘হেনলি পাছপ’ৰ্ট সূচক’ত ১৯৯খন দেশৰ নাম আছে । তালিকাৰ শীর্ষত আছে জাপান । পাছৰ দুই স্থানত ছিংগাপুৰ আৰু দক্ষিণ কোৰিয়া । চতুর্থ আৰু পঞ্চম স্থানত, জার্মানী আৰু স্পেইন । প্রকাশিত প্ৰতিবেদন অনুসৰি, ক’ভিড পৰৱর্তী পৰিস্থিতিত ১৯৩খন দেশে কোনো দ্বিধা নোহোৱাকৈ জাপানী পাছপ’ৰ্টধাৰীসকলক প্রৱেশৰ অনুমতি দিয়ে । যিটো গ্রহণযোগ্যতাৰ বিচাৰত সর্বোচ্চ ।

এই তালিকাত ষষ্ঠ স্থানত আছে ব্রিটেইন । জনোৱা হৈছে ১৮৭খন দেশত সহজ প্রৱেশাধিকাৰ আছে ব্রিটিশ নাগৰিকসকলৰ । আমেৰিকাৰ নাগৰিকসকলৰ ১৮৬খন দেশত । ইউক্রেইন যুদ্ধ পৰিস্থিতিতো ৫০তম ‘ক্ষমতাশালী পাছপ’র্ট’ ৰাছিয়াৰ নাগৰিকসকলৰ । তেওঁলোকে আবেদনৰ ভিত্তিত দ্রুত ১১৯খন দেশত প্রৱেশ কৰিব পাৰে ।

‘হেনলি পাছপ’র্ট সূচক’এ জনাইছে, গ্রহণযোগ্যতাৰ ভিত্তিত পাকিস্তানৰ পাছপ’র্ট ১০৪ নম্বৰত । তদুপৰি তালিকাৰ সবাতোকৈ তলত আছে পাকিস্তানৰ প্রতিবেশী দেশ আফগানিস্তান । বিশ্বৰ মাত্র ২৭খন দেশত সহজে প্রৱেশ কৰাৰ অনুমতি লাভ কৰে আফগান নাগৰিকসকলে ।

Exit mobile version