Windfall Tax : পেট্রল-ডিজেলত কৰ ৰেহাই কেন্দ্রৰ, অৱশ্যে উপকাৰ পাব কেৱল বৃহৎ সংস্থাবোৰে

petrol price1 16574223464x3 1

পেট্রলত কৰ ৰেহাইৰ ঘোষণা কৰিলে কেন্দ্র‌ই । লগতে তেল উৎপাদনকাৰী সংস্থা আৰু তেল পৰিশোধনকাৰী সংস্থাবোৰৰ ওপৰৰ পৰাও ‘উইণ্ডফল’ কৰৰ বোজা কৰ্তন কৰিছে ভাৰত চৰকাৰে । অৱশ্যে ইয়াৰ ফলত সাধাৰণ জনগণ প্ৰত্যক্ষভাৱে লাভৱান নহ’ব । আর্থিক বিশেষজ্ঞসকলে জনাইছে, চৰকাৰৰ এই পদক্ষেপত বিমানত ইন্ধনৰ দাম কিছু কমিব পাৰে । অৱশ্যে মূলত উপকৃত হ’ব ৰিলায়েন্স, অ’এনজিচিৰ দৰে ইন্ধনৰ বাণিজ্যিক সংস্থাবোৰ ।

কেন্দ্র‌ই প্রতি লিটাৰ পেট্রলত ছয় টকা ৰপ্তানি কৰ কমাইছে । ডিজেল আৰু বিমানৰ ইন্ধনত উইণ্ডফল কৰ কমাইছে লিটাৰত দুই টকা হাৰত । ইয়াৰ পূৰ্বে দেশত উৎপাদিত অপৰিশোধিত তেলত প্রতি টনত ২৩ হেজাৰ ২৫০ টকা কৰ লোৱা হৈছিল । নতুন ঘোষণাত সেয়া কমাই দিয়া হৈছে প্রতি টনত ১৭ হেজাৰ টকাত । নতুন ঘোষণাত বিশেষ অর্থনৈতিক ক্ষেত্রত ৰপ্তানি শুল্কত ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছে কেন্দ্র‌ই । বুধবাৰে অর্থাৎ ২০ জুলাইৰ পৰাই এই পৰিৱৰ্তন আৰু নতুন দৰ কার্যকৰ হ’ব ।

হঠাৎ এই কৰ ৰেহাই কিয় ? বিশেষজ্ঞসকলৰ মতে, তেলৰ আন্তর্জাতিক দৰ কমাৰ পাছতেই কেন্দ্র‌ই এই কৰ ৰেহাইৰ ঘোষণা কৰিলে । কিছু দিন পূৰ্বে কেন্দ্রৰ ৰাজহ সচিব তৰুণ বজাজে জনাইছিল, অপৰিশোধিত তেলৰ আন্তর্জাতিক দাম বেৰেল ৪০ ডলাৰৰ অধিক কমিলে তেল উৎপাদনকাৰী আৰু পৰিশোধনকাৰীসকলৰ ওপৰত জাৰি কৰা কৰত ৰেহাই দিয়া হ’ব । নতুন ঘোষণা সেই প্রতিশ্রুতিৰেই প্রতিফলন । যদিও এই সিদ্ধান্তৰ ফলত মূলত উপকাৰ পাব দেশৰ প্ৰথম শাৰীৰ তেল ৰপ্তানিকাৰী সংস্থা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু অপৰিশোধিত তেল উৎপাদনকাৰী সংস্থা অ‌ইল এণ্ড নেচাৰেল গেছ কর্পে ।

Exit mobile version