কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ইডি-ৰ তলব

সৰ্বত্ৰ বিক্ষোভ কাৰ্যসূচী দলৰ

নেছনেল হেৰল্ড গোচৰত কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনিয়া গান্ধীক প্ৰৱৰ্তক সঞ্চালকালয়ে (ইডি) পূৰ্বেই তলব কৰিছিল । কিন্তু কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত চিকিৎসাধীন হ’বলগীয়া হয় । সেয়ে ইডি-ৰ দপ্তৰত উপস্থিত থাকিব নোৱাৰে সভানেত্ৰীগৰাকী । অৱশেষত আজি ইডি-ৰ দপ্তৰত উপস্থিত হয় কংগ্ৰেছ সভানেত্ৰী ছোনিয়া ।

ইপিনে, কংগ্ৰেছ সভানেত্ৰীগৰাকীক তলব কৰাৰ প্ৰতিবাদত আজি দলৰ সদস্যসকলে সৰ্বত্ৰ বিক্ষোভ কাৰ্যসূচী আৰম্ভ কৰিছে । কংগ্ৰেছ দলৰ অভিযোগ মতে, বিজেপি চৰকাৰে অতি ষড়যন্ত্ৰমূলকভাৱে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটৰ হতুৱাই সভানেত্ৰীগৰাকীক জেৰাৰ বাবে তলব কৰিছে ।

আজি পুৱা ১০ বাজি ৩০ মিনিটত কংগ্ৰেছ দলৰ সদস্যসকলে গুৱাহাটীৰ ৰাজভৱনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব, সাংসদসকল, বিধায়কসকলৰ লগতে দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰে ।

Exit mobile version