দিনটোৰ ৰাশিফল

16505268443181

মেষঃ প্ৰাকৃতিক দুৰ্যোগত ক্ষতি হ’ব পাৰে । যিকোনো কাম কৰিলে সফল হ’ব ব্যৱসায়ত ভাল ফল পাব । প্ৰতিকাৰ তুলসীৰ পূজা কৰক ।

বৃষঃ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে । যিকোনো ভাল কাম কৰিলে সুফল পাব । প্ৰতিকাৰ বেল পাতত চন্দন লগাই লগত ৰাখিব ।

মিথুনঃ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাবলগীয়া হ’ব পাৰে । চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক অন্যথা ক্ষতি হ’ব । প্ৰতিকাৰ ঘৰৰ ওচৰত থকা আঁহত গছৰ তলত ঘিউৰ চাকি, ধূপ জ্বলাব ।

কৰ্কটঃ মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে, মাটিৰ সীমা লৈ সমস্যা হ’ব পাৰে । কৰ্মত বাধা পাব । আজি ভাল কাম হাতত নল’ব । প্ৰতিকাৰ ঘৰৰ উত্তৰ কোণত খুটি এটা মাৰি ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ-চাকি জ্বলাব ।

সিংহঃ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব । টকা-প‌ইচাৰ অভাৱ বাঢ়িব । অলপ চেষ্টা কৰিলে কৰ্মসংস্থাপন লাভ কৰিব পাৰিব । সন্তানৰ শুভ । প্ৰতিকাৰ পাৰিলে উপবাসে থাকিব শিৱৰ চৰণ চিন্তা কৰিব ।

কন্যাঃ খং দমাই ৰাখিব অন্যথা ক্ষতি হ’ব । যুতীয়াকৈ কৰা ব্যৱসায়ীৰ মাজত মতানৈক্য হৈ সংঘাত আহিব পাৰে । নিজৰ ভুলৰ বাবে অৰ্থহানি হোৱাৰ সম্ভাৱনা । টকা-প‌ইচাৰ অভাৱ বাঢ়িব । প্ৰতিকাৰ ভিক্ষাৰী এজনক বগা মিঠাই দান কৰিব প্ৰণাম কৰিব ।

তুলাঃ চাকৰিয়ালসকলে আজি টকা-প‌ইচাৰ লেনদেন নকৰা ভাল । পুৰণি ৰোগ থকা সকলৰ পিৰা বৃদ্ধি পাব । সন্তানে সমাজত সুনাম পাব । প্ৰতিকাৰ গা ধুই নৱগ্ৰহৰ স্তোতম পাঠ কৰিব ।

বৃশ্চিকঃ অচিন শত্ৰুৰ পৰা ক্ষতি হোৱা ভয়, চাকৰিয়ালসকলে সন্মান লাভ কৰিব । ব্যৱসায়ত লোকচানৰ আশংকা আছে । সন্তানে দুখ দিব । প্ৰতিকাৰ ক’লা মণি এটা পানীৰ পাত্ৰত থৈ সুৰক্ষিত স্থানত ৰাখিব ।

ধনুঃ টকা-প‌ইচাৰ লেনদেন কৰোতে সাৱধান হ’ব । আৰ্থিক ক্ষতিৰ যোগ । শিক্ষাৰ্থীয়ে মনোমত ফল দেখুৱাব পাৰিব । ব্যৱসায়ত শুভ । প্ৰতিকাৰ ঘৰৰ পৰা ওলাওঁতে সূৰ্যলৈ চাই প্ৰণাম কৰি ওলাই যাব ।

মকৰঃ পুৰণি ৰোগত ভুগি থকা সকলে খোৱা-বোৱাত বিশেষ ধ্যান ৰাখিব পাৰিলে থকা টকা হাতলৈ আহিব । ব্যৱসায়ীসকলে কৰ্মচাৰীৰ ওপৰত চকু ৰাখিব । প্ৰতিকাৰ বেলপাত এটাত চন্দন লগাই লগত ৰাখিব ।

কুম্ভঃ বিবাহ সম্পৰ্কে চলি থকা কথা-বতৰাৰ আজি ভাল খবৰ পাব । আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে । প্ৰতিকাৰ ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ধূপ-ধূনা জ্বলাই গৃহলক্ষ্মীৰ পূজা-অৰ্চনা কৰিব ।

মীনঃ আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হয় । দুৰ্ঘটনাৰ প্ৰৱল সম্ভাৱনা আছে । সন্তানৰ ভুলৰ বাবে লাজত পৰিব । প্ৰতিকাৰ ভিক্ষাৰীক ক’লা বস্তু দান কৰিব ।

Exit mobile version