টাৱাঙলৈ গৈ আদবাটতে চাৰি অসমীয়া যুৱকৰ কৰুণ মৃত্যু

জিৰ' পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ নিথৰ দেহ

PicsArt 07 22 02.12.47 780x470 1

অৰুণাচলত নিখোজ হোৱা অসমৰ চাৰি যুৱকৰ মৃতদেহ উদ্ধাৰ । অৰুণাচলৰ জিৰ’ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ২০০ ফুট তলত উদ্ধাৰ হ’ল চাৰিজন যুৱকৰ মৃতদেহ ।

নগাঁৱৰ বেদান্ত বৰমেহেলা, নয়ন বসুমতাৰী, তেজপুৰৰ সঞ্জীৱ দাস আৰু সোণাপুৰৰ হীৰক বড়োৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বন্ধুৰ স’তে অৰুণাচল প্ৰদেশ ফুৰিবলৈ বুলি গৈছিল অসমৰ চাৰিও যুৱক ।

নগাঁও চহৰৰ লাওখোৱা ৰোডৰ বেদান্ত বৰমহেলা(৩২) আৰু বঢ়মপুৰ কন্দলীৰ নয়ন বসুমতাৰী(৩২) যোৱা ১৯ জুলাইত নগাঁৱৰ পৰা সোণাপুৰৰ বন্ধু হিৰক বড়োৰ স’তে তেজপুৰলৈ ওলাই গৈছিল ।

অৰুণাচল ভ্ৰমণলৈ বুলি যোৱা যুৱক কেইজন চেঁচা-ডিৰাং পথত সন্ধানহীন হৈ পৰিছিল । ১৯ জুলাইৰ সন্ধিয়াৰে পৰা পৰিয়ালৰ লোকৰ স’তে যোগাযোগ ব্যাহত হৈ পৰিছিল ।

উল্লেখযোগ্য ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল চাৰিওগৰাকী যুৱক যোৱা ভক্সৱেগন প’ল’ বাহনখন । আৰক্ষীয়ে সদৰী কৰা অনুসৰি ঘন কুঁৱলিৰ বাবেই এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয় ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে । যুৱককেইজনৰ অকাল মৃত্যুৰ বাতৰিয়ে অঞ্চলটোৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে ।

Exit mobile version