Sri Lanka Crisis : ৰনিলৰ নির্দেশত সক্রিয় শ্রীলংকা সেনা, মাজ নিশা উচ্ছেদ কৰিলে বিক্ষোভকাৰীৰ শিবিৰ

1658469050 sri lanka

অর্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতে শ্রীলংকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই কঠোৰভাৱে আন্দোলন দমনত সক্রিয় হ’ল ৰনিল বিক্রমসিংঘে । বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি পদত শপতগ্ৰহণ কৰিছিল ৰনিলে । তাৰ কিছু ঘণ্টা পাছতেই কলম্বোত আন্দোলনকাৰীৰ শিবিৰত অভিযান চলায় লংকা ফৌজে ।

মাজ নিশা কলম্বোত শ্রীলংকা সেনাৰ সেই অভিযানৰ কিছু ভিডিঅ’ ইতিমধ্যে সেই দেশৰ সংবাদমাধ্যমত প্রচাৰ কৰিছে । অৱশ্যে ভিডিঅ’ত দেখা গৈছে, ৰাজধানী চহৰৰ গালে ফেছ অঞ্চলত অৱস্থানকাৰীসকলৰ বেৰিকেড ভাঙি দিছে সেনাই । তেওঁলোকৰ তম্বুবোৰ উফৰাই দিয়া হৈছে । বিক্ষোভকাৰীসকলৰ স’তে সেনাৰ সংঘর্ষৰ ভিডিঅ’ও দেখা গৈছে ।

শাসক দল এছএলপিপি-ৰ নেতা তথা দেশৰ প্রাক্তন আৰু পলাতক ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষৰ অনুগত সংসদৰ সদস্যসকলৰ ভোটতেই ৰাষ্ট্ৰপতি নির্বাচিত হৈছে ৰনিল । সেয়ে তেওঁৰ বিৰুদ্ধে ক্রমাগত মাত মাতিছে আন্দোলনকাৰীসকলে । যদিও বৃহস্পতিবাৰে শপতগ্ৰহণ কৰাৰ পাছত ৰনিলে কয়, “ম‌ই ৰাজাপক্ষৰ বন্ধু নহয়, শ্রীলংকাৰ জনগণৰ বন্ধু ।” শুকুৰবাৰে ৰনিলৰ নেতৃত্বত শ্রীলংকাৰ পৰৱর্তী মন্ত্রীসভা গঠিত হ’ব ।

Exit mobile version