COVID-19 : ক’ভিড আপডেট

shutterstock 1808630479 h2

দৈনিক কৰ’না আক্রান্তৰ সংখ্যা সামান্য কমিলেও দেশত মুঠ কৰ’না ৰোগীৰ সংখ্যা বিগত ২৪ ঘণ্টাত ২১০০ বাঢ়িল । শনিবাৰৰ পৰা দেওবাৰে আঠ বজা পর্যন্ত ২০ হেজাৰ ২৭৯ জন কৰ’না আক্রান্ত হৈছে ভাৰতত । যি বিগত দুদিনৰ তুলনাত সামান্য কম । কিন্তু এদিনত দেশৰ মুঠ কৰ’না ৰোগীৰ সংখ্যা বাঢ়িছে । ভাৰতত সম্প্ৰতি এক লাখ ৫২ হেজাৰ ২০০ জন কৰ’না ৰোগী আছে ।

যোৱা তিনি ফেব্রুৱাৰীত দেশত কৰ’না ৰোগীৰ সংখ্যা ১ লাখ ৫৩ হেজাৰ স্পৰ্শ কৰিছিল । প্ৰায় ছমাহ পাছত পুনৰ একেই স্থানত দেশৰ কৰ’না পৰিস্থিতি । বিগত কিছু সপ্তাহ ধৰি দেশত দৈনিক সংক্রমণ ২০ হেজাৰৰ ওচৰা-ওচৰি হৈছে । আনহাতে, কৰ’না আক্ৰান্ত হৈ সুস্থ হোৱা হাৰ ক্রমশ কমিছে ।

বিগত ২৪ ঘণ্টাত দেশত ৩৬ জন কৰ’না ৰোগীৰ মৃত্যু হৈছে । ই‌য়াৰ ভিতৰত সাতজন পশ্চিমবংগত, সাতজন কেৰালাত, পাঁচজন মহাৰাষ্ট্রত আৰু চাৰিজনৰ হিমাচল প্রদেশত মৃত্যু হৈছে । জম্মু আৰু কাশ্মীৰ আৰু বিহাৰত দুজনৰ মৃত্যু হৈছে । দিল্লী, ওড়িছা, ছত্তীছগঢ়, পুদুচেৰী, নগালেণ্ড, মেঘালয়, ত্রিপুৰা, অসম, গুজৰাটত এজনকৈ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত‌ ।

দৈনিক সংক্রমণ দেশৰ ভিতৰত সর্বাধিক হৈছে মহাৰাষ্ট্রত (২৩৩৪) । তাৰ পাছত যথাক্রমে কেৰালা (২২৫২), তামিলনাডু (২০১৪), পশ্চিমবংগ (১৮৪৪), কর্নাটক (১৪৫৬), ওড়িছা (১১৩০) আৰু গুজৰাটৰ (৯৩৭) নাম আছে ।

Exit mobile version