দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ ব্যৱসায়-বাণিজ্যত মধ্যম । অৰ্থ হানি হ’ব পাৰে । পাৰিবাৰিক শুভ, কুকুৰা ৰুটি খোৱা স্বাস্থ্যৰ বাবে ভাল । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬ ।

বৃষঃ শৰীৰত কিছু বিষ অনুভৱ হ’ব পাৰে । কৰ্মৰ যোগেদি নিজৰ লক্ষ্য স্থিৰ কৰিব পাৰিব । পাৰিবাৰিক মধ্যম, প্ৰেমত শুভ, শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

মিথুনঃ দিনটো মধ্যম, নতুন সম্পত্তি ক্ৰয় কৰিব পাৰিব সামাজিক আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ কিছূ মনৰ অস্থিৰতা বাঢ়িব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩ ।

কৰ্কটঃ অযথা খৰচে আৰ্থিক প্ৰভাৱ পেলাব । আত্মীয়ৰ পৰা অপমানিত হ’ব পাৰে, ব্যৱসায়ত মধ্যম, শুভ গুলপীয়া ৰং ব্যৱহাৰ কৰিব, শুভ সংখ্যা ৬ ।

সিংহঃ পুৰণি বন্ধুৰ পৰা সহানুভূতিয়ে আনন্দিত কৰিব, স্বাস্থ্যৰ প্ৰতি যত্ন ল‌ওক । সম্পত্তি ক্ৰয় কৰা যুগ আছে, বিদ্যাৰ্থীসকলৰ শুভ, শুভ ৰং ৰঙা । শুভ সংখ্যা ৫ ।

কন্যাঃ অৰ্থ লাভৰ যুগ আছে । মানসিক শান্তি স্থিতি বজাই ৰাখক । হালধীয়া ৰং ব্যৱহাৰ কৰক, কৰ্মক্ষেত্ৰত আশাৰ সঞ্চাৰ হ’ব , ভ্ৰমণৰ যুগ আছে, শুভ সংখ্যা ৩ ।

তুলাঃ স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল‌ওক, প্ৰেমত মধ্যম, কৰ্মত শুভ, পাৰিবাৰিক অশান্তি হ’ব পাৰে, অভিজ্ঞ ব্যক্তিৰ সংগ‌ত আনন্দিত হ’ব । শুভ ৰং বাদামী, শুভ সংখ্যা ৯ ।

বৃশ্চিকঃ কৰ্মৰ ক্ষেত্ৰত কঠোৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে । আৰ্থিকত লাভৱান হ’ব, ভ্ৰমণত শুভ, শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮ ।

ধনুঃ ব্যক্তিগত জীৱন আৰু পাৰিবাৰিকত শুভ, হঠাৎ অহা সংবাদে আনন্দিত কৰিব। শত্ৰু বাঢ়িব, স্বাস্থ্য মধ্যম, শুভ ৰং আকাশী, শুভ সংখ্যা ৩ ।

মকৰঃ কৰ্মস্থানত ব্যস্ততা বাঢ়িব, লক্ষ্য স্থিৰ কৰাত সুফল পাব, আৰ্থিক পৰিস্থিতি স্বাভাৱিক, অত্যধিক খৰচ নকৰিব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।

কুম্ভঃ চৰকাৰী চাকৰি কৰা সকলে অধিক লাভৱান হ’ব, মূৰৰ বিষৰ কাৰণে কষ্ট পাব । আৰ্থিক সম্পত্তি লাভ কৰিব । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭ ।

মীনঃ বহুত দিনৰ মূৰত শাৰীৰিক আৰু মানসিক শান্তি লাভ কৰিব । পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব । নতুন কৰ্মৰ সুযোগ পাব । শুভ ৰং কমলা, শুভ সংখ্যা ৪ ।

Exit mobile version