PM Narendra Modi : বিদায়ী ৰাষ্ট্রপতিক ‘অপমান’ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে !

1658721233 modiji

দেশৰ চতুর্দশ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দক তেওঁৰ কর্মজীৱনৰ বিদায় অনুষ্ঠানত ‘অপমান’ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । সামাজিক মাধ্যমত এটা ভিডিঅ’ প্রকাশ কৰি এই অভিযোগ কৰিলে বিৰোধী পক্ষ‌ই । অভিযোগ, কোবিন্দ যেতিয়া সংসদৰ চেন্ট্রেল হলত মোদীসহ উপস্থিত সাংসদসকলক নমস্কাৰ জনায়, তেতিয়া প্রধানমন্ত্রীৰ মুখ কেমেৰাৰ দিশে আছিল । দেওবাৰে এই ভিডিঅ’ক লৈ সামাজিক মাধ্যম উত্তাল হৈ পৰে । যদিও এই ভিডিঅ’ ‘অপ্রাসংগিক’ বলি জনায় টুইটাৰে । গোটেই ভিডিঅ’ৰ এটা সৰু অংশ দাঙি ধৰি প’ষ্ট কৰাত এই বিভ্রান্তি বুলিও জনাইছে তেওঁলোকে ।

ভিডিঅ’টোত দেখা গৈছে ৰামনাথ কোবিন্দে সকলোৰে সন্মুখত সৌজন্য বিনিময় কৰিছে । কিন্তু প্রধানমন্ত্রীয়ে কেমেৰাৰ ফালে চাই আছে । এই ভিডিঅ’ প’ষ্ট কৰি টুইটাৰত টিআৰএছৰ আইটি প্রধান ৱাই সতীশ ৰেড্ডিৰ কটাক্ষ, ‘যেতিয়া ফটো উঠা বিদায়ী ৰাষ্ট্রপতিতকৈও জৰুৰী ।’ আপৰ সঞ্জয় সিঙেও এই একেই ভিডিঅ’ প’ষ্ট কৰি লিখে, ‘কি অপমান ! তেওঁলোক এনেকোৱাই । যেতিয়া আপোনাৰ সময় শেষ, তেতিয়া তেওঁলোকে আপোনাৰ ফালে ঘূৰিও নাচায় ।’ একেই দাবী কৰে আপৰ মুখপাত্রসহ অন্য নেতাসকলেও ।

এই ভিডিঅ’ ভুৱা নহ’লেও কিছু অংশ কাটি বনোৱা হৈছে । সংসদ টিভিত দেখোৱা সম্পূৰ্ণ ভিডিঅ’ত দেখা গৈছে এনে কোনো ঘটনা ঘটা নাই । যোৱা ২৩ জুলাইৰ এই ভিডিঅ’ সন্দৰ্ভত টুইটাৰে তেওঁলোকৰ বক্তব্য জনাই দিছে ।

দেওবাৰে, ২৪ জুলাইত ৰাষ্ট্রপতি ভৱনত শেষ দিন আছিল বিদায়ী ৰাষ্ট্রপতি কোবিন্দৰ । বিদায়বেলাত দেশবাসীক উদ্দেশ্যি ভাষণত তেওঁ জনায়, একবিংশ শতাব্দীক জয় কৰিবলৈ সক্ষম ভাৰত । আৰু তেওঁক দেশৰ সর্বোচ্চ সাংবিধানিক পদত কাম কৰাৰ সুযোগ কৰি দিয়াৰ বাবে তেওঁ সমস্ত ভাৰতীয়ৰ ওচৰত কৃতজ্ঞ । তেওঁ কয়, “পাঁচ বছৰ পূৰ্বে, আপোনালোকে মোক বিশ্বাস কৰিছিল আৰু মোক ৰাষ্ট্রপতি নির্বাচিত কৰিছিল । ম‌ই সমস্ত ভাৰতীয় আৰু তেওঁলোকৰ জনপ্রতিনিধিসকলৰ প্রতি মোৰ কৃতজ্ঞতা জনাইছো ।”

Exit mobile version