দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ আকস্মিক কোনো অৰ্থৰ ক্ষতি হ’ব পাৰে । পাৰিবাৰিক শুভ বুলিব পাৰে । কৰ্মক্ষেত্ৰত আনৰ প্ৰিয়পাত্ৰ হ’ব পাৰিব । পঢ়া-শুনাত শুভ । শুভ বৰ্ণ পাতল সেউজীয়া । দূৰ ভ্ৰমণৰ সুযোগ আহিব পাৰে । শুভ সংখ্যা ৩ ।

বৃষঃ কৰ্মক্ষেত্ৰত নতুন যোগাযোগ ঘটিব পাৰে । সৰু-সুৰা ‌অসুখে বিব্ৰত কৰিব । সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব । শুভ বৰ্ণ কমলা । কাপোৰ পিন্ধি সূৰ্য প্ৰণাম কৰিব । আবেলি তিনি বজাৰ পাছতহে যাত্ৰা কৰিব । শুভ সংখ্যা ৪ ।

মিথুনঃ আৰ্থিকত চিন্তাৰ কাৰণ নাই । ব্যৱসায়-বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা । পাৰিবাৰিক অশান্তি দূৰ হ’ব । কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্ৰহণ নকৰিব । শুভ ৰং বেঙুনীয়া । ভ্ৰমণত শুভ । শুভ সংখ্যা ৮ ।

কৰ্কটঃ মনত অস্থিৰতাৰ বাবে কৰ্মত বাধাগ্ৰস্ত হ’ব পাৰে । আৰ্থিক ক্ষেত্ৰত যথেষ্ট শুভ যদিও অনাহকত অৰ্থহানি হ’ব পাৰে । শুভ বৰ্ণ গুলপীয়া বা বগা । আজি আপুনি মাণিবেগত তুলসীপাত ৰাখিব । শুভ সংখ্যা ৫ ।

সিংহঃ আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে । ব্যৱসায়ত সফলতা ভবা মতে নাপাব । ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব । আজি আপুনি পাতল নীলা ৰং ব্যৱহাৰ কৰিব । মাত্ৰাদি ভালেই দেখা যায় । শুভ সংখ্যা ৪ ।

কন্যাঃ কৰ্মক্ষেত্ৰত উন্নত ফল । দৃঢ়তা বৃদ্ধি পাব । কোনো সংবাদ বা সংযোগত চিন্তিত হ’লে প্ৰতিকূল বুলি ক’ব নোৱাৰি । আপোনাৰ শুভ বৰ্ণ ক্ৰীম । যাত্ৰা কৰিলে ক্ৰীম ৰঙৰ পোছাক পিন্ধিব । শুভ সংখ্যা ১ ।

তুলাঃ যোৱা দিনৰ তুলনাত আজিৰ উন্নত । শৰীৰ সম্পৰ্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব । কৰ্মব্যস্ততা বৃদ্ধি পাব । ভ্ৰমণ হ’ব পাৰে । আপোনাৰ শুভ বৰ্ণ গাঢ় সেউজীয়া । আশা কৰা কোনো বিষয়ত সাধাৰণ প্ৰগতি । শুভ সংখ্যা ৯ ।

বৃশ্চিকঃ আৰ্থিক সম্পৰ্কীয় দিশত বৰ নিশ্চিত নহয় । কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ ঘটিব পাৰে । ভ্ৰমণত শুভ ফল । শুভ বৰ্ণ পাতল গুলপীয়া । শুভ সংখ্যা ৩ ।

ধনুঃ বন্ধুবৰ্গ লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে । সন্তানৰ সুকীৰ্তি দেখা যায় । আপোনাৰ শুভ বৰ্ণ বেঙুনীয়া । আজি আপুনি যাত্ৰা কৰিলে দিনৰ ১০ বজাৰ পাছতহে কৰিব । শুভ সংখ্যা ৭ ।

মকৰঃ অনাৱশ্যক সমস্যাৰ মাজত পৰিব‌ও পাৰে । গতিকে পূৰ্বৰ পৰাই তেনে বিষয়ৰ পৰা সতৰ্ক হ‌ওক । বিদ্যাত জটিলতা কম । ভ্ৰমণত কষ্ট । পৰাপক্ষত ভ্ৰমণ নকৰাই ভাল । শুভ বৰ্ণ বগা । শুভ সংখ্যা ১ ।

কুম্ভঃ আৰ্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব । বিদ্যাৰ্থীৰ বেয়া নহ’ব । কৰ্মস্থানত বাধা দেখি চিন্তিত নহ’ব । যাত্ৰা কৰিলে দিনৰ ১২টা আগতে কৰিব । শুভ বৰ্ণ হালধীয়া । শুভ সংখ্যা ৮ ।

মীনঃ কৰ্মক্ষমতাৰ বাবে আনে প্ৰশংসা কৰিব । বিদ্যাত যোগ্যতা দেখা যায় । ভ্ৰমণত বিশেষ বাধা নাই । পৰাপক্ষত সন্ধিয়া বেলা যাত্ৰা নকৰিব । শুভ বৰ্ণ ৰঙা । লগতে ৰঙা ৰুমাল ল’ব । শুভ সংখ্যা ৯ ।

Exit mobile version