BSF : কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ, নিহত দুই ভাৰতীয় জোৱান

qg4shmoc congo

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ হৈ কংগোত কর্মৰত অৱস্থাত নিহত হয় দুজন বিএছএফ জোৱান । মঙলবাৰৰ এই ঘটনাত সেই দেশৰ সশস্ত্র বিক্ষোভকাৰীসকলৰ বিৰুদ্ধে অভিযোগ উঠিছে । জোৱানসকলৰ মৃত্যুত শোক প্রকাশ কৰিছে বৈদেশিক মন্ত্রী এছ জয়শংকৰে ।

মঙলবাৰে কংগোত শান্তিৰক্ষা বাহিনীৰ ওপৰত অস্ত্রশস্ত্র লৈ প্ৰায় পাঁচশ জনীয়া এটা দলে আক্ৰমণ কৰে বুলি অভিযোগ । এই ঘটনাত সীমান্তৰক্ষী বাহিনীৰ দুই জোৱানসহ প্ৰায় ৫০ জনৰ মৃত্যু হৈছে বুলি সংবাদ সংস্থা সূত্রে খবৰ । উক্ত ঘটনাত আহত প্ৰায় ৫০ জন ।

সীমান্তৰক্ষা বাহিনীৰ জোৱানসকলৰ অকালমৃত্যুত তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্রতি সমবেদনা জনাইছে জয়শংকৰে । আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে যথাযথ পদক্ষেপ গ্ৰহণ কৰি তেওঁ এই ঘটনাৰ সুবিচাৰ দাবী কৰিছে ।

বিএছএফ সূত্রে খবৰ, চলিত বছৰৰ মে’ৰ পৰা কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনী বা মোনুস্কো-ৰ হৈ সেই দেশত কর্মৰত আছিল এই দুই জোৱানসহ প্ৰায় ৭৪ জন । বিএছএফৰ মুখপাত্র‌ই কয়, ‘‘মোনুস্কো-ৰ তৰফৰ পৰা ২৬ জুলাইত কংগোৰ বুটেম্বোত দুই জোৱানক মোতায়েন কৰা হৈছিল । অৱশ্যে হিংসাত্মক আক্ৰমণত গুৰুতৰভাৱে আহত হয় তেওঁলোক । ফলত দুই জোৱানৰ মৃত্যু হয় ।’’

ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে জনাইছে, সোমবাৰৰ পৰাই মোনুস্কো-ৰ বিৰুদ্ধে সমগ্ৰ কংগোত বিক্ষোভ আৰম্ভ কৰিছিল স্থানীয়সকলে । সেই দিনাখন শান্তিপূর্ণভাৱে বিক্ষোভ কৰিলেও মঙলবাৰে হিংসাত্মক হৈ উঠে । মঙলবাৰে গোমা নামে এখন ঠাইয ৰাষ্ট্ৰসংঘৰ সম্পত্তিত অগ্নিসংযোগ কৰে বিক্ষোভকাৰীসকলে ।

বেনি আৰু বুটেম্বোত হাই এলার্ট জাৰি কৰা হৈছিল । অভিযোগ, বিএছএফ জোৱানৰ শিবিৰ ঘেৰাও কৰি বিক্ষোভ প্রদর্শন কৰে প্রায় পাঁচশজনে । আৰক্ষী আৰু সেনা অহাৰ আগতেই সেই বিক্ষোভ হিংসাত্মক ৰূপ লয় । এই আক্ৰমণত নিহত হয় দুজন জোৱান ।

Exit mobile version