বিনামূলীয়া আঁচনি বন্ধৰ পক্ষত ন্যায়ালয়

শ্ৰীলংকাৰ আৰ্থিক বিপৰ্যয়ৰ পাছত বিনামূলীয়া আঁচনিক লৈ বিতৰ্ক সৰ্বোচ্চ আদালতলৈ

full

নিৰ্বাচনী প্ৰচাৰত ভোটাৰক প্ৰলোভিত কৰিবলৈ হেজাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজনৈতিক দল আৰু নেতাই । সেইসমূহ বাস্তৱায়িত কৰা সম্ভৱ হয় নে অথবা কৰিলেও এনে বিনামূলীয়া আঁচনিৰ বোজা দেশৰ ৰাজকোষে বহন কৰিব পাৰে নে নোৱাৰে তাকে লৈ প্ৰশ্ন উত্থাপন হয় যদিও এনে প্ৰতিশ্ৰুতি অথবা বিনামূলীয়া আঁচনিত লেকাম লগোৱা নহয় । এইবাৰ এনে আঁচনিক লৈ প্ৰশ্ন উত্থাপন কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে । এই আঁচনিসমূহ বন্ধ কৰাৰ পথ আছে নে নাই সেই সম্পৰ্কে বিত্ত আয়োগৰ পৰা অৱগত হৈ জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে ।

ADVERTISEMENT

এই বিষয়টোক অতি গুৰুত্বপূৰ্ণ আখ্যা দি বুধবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰামনাৰ বিচাৰপীঠে এনে আঁচনি নিয়ন্ত্ৰণৰ পথ বিচাৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰক । কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক মুখ্য ন্যায়াধীশে কয়, ‘আপুনি স্পষ্টকৈ জনাওক যে এই ধৰণৰ মন ভুলোৱা আঁচনি চলিব নে নচলিব ।’

নিৰ্বাচন আয়োগে এই বিষয়টোত একপ্ৰকাৰ হাত দাঙি দিয়াত মুখ্য ন্যায়াধীশে আইনজীৱী কপিল ছিবালক উদ্দেশ্যি কয়, ‘আপুনি এজন অভিজ্ঞতাসম্পন্ন সাংসদ আৰু আইনজীৱী । আপুনি ক’ব পাৰিব নে কিদৰে এনে প্ৰতিশ্ৰুতি বন্ধ কৰিব পাৰি ?’ আন এক গোচৰৰ শুনানিৰ বাবে ছিবাল সেই সময়ত আদালতত উপস্থিত আছিল । মুখ্য ন্যায়াধীশ ৰামানাৰ প্ৰশ্ন শুনি ছিবালে কয়, ‘এইটো সঁচাকৈ ভাবিবলগীয়া বিষয় । অৱশ্যে ৰাজ্যৰ পৰ্যায়তে বিষয়টো চাব পাৰি । কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ইয়াৰ দায়িত্ব অৰ্পণ কৰাটো উচিত নহ’ব ।’

এই বিষয়ে বিত্ত আয়োগৰ পৰামৰ্শ গ্ৰহণৰ প্ৰস্তাৱ দিয়ে ছিবালে । তেওঁ কয়, ‘বিত্ত আয়োগ এটি স্বতন্ত্ৰ সংস্থা । তেওঁলোকে যেতিয়া ৰাজ্যসমূহক পুঁজি যোগান ধৰিব, তেতিয়া পৃথকে তেওঁলোকৰ দেনাৰ বিষয়টো আয়োগৰ সন্মুখত থাকিব । বুজিব পৰা যাব যে মন ভুলোৱা এই আঁচনিসমূহৰ ৰূপায়ণ বাস্তৱসন্মত হয় নে নহয় ।’ ইয়াৰ পাছতে বিচাৰপীঠে নাটৰাজক এই পন্থা অৱলম্বন কৰিবলৈ কয় । অহা তিনি আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানি হ’ব ।

বিজেপি নেতা তথা আইনজীৱী অশ্বিন কুমাৰ উপাধ্যায়ে উচ্চতম ন্যায়ালয়ক আবেদন জনাই কয় যে ভোটাৰৰ মন ভুলোৱা প্ৰতিশ্ৰুতি আৰু বিনামূলীয়া আঁচনি উৎকোচ প্ৰদানৰ বাহিৰে আন একো নহয় । ই মুক্ত আৰু সুস্থ নিৰ্বাচনৰ পৰিৱেশক নষ্ট কৰিছে । ৰাজ্য চৰকাৰসমূহৰ ঋণৰ পৰিমাণ ৭০ লক্ষ কোটিৰ অধিক । অথচ প্ৰতিশ্ৰুতি আৰু বিনামূলীয়া আঁচনি চলিয়ে আছে । এইবোৰৰ লেকাম টানিবলৈ আইন আয়োগৰ পৰামৰ্শ ল’ব লাগে । যিসমূহ ৰাজনৈতিক দলে ভোটাৰক উপহাৰ দিব বিচাৰিব তেওঁলোকৰ প্ৰতীক আৰু স্বীকৃতি বাতিল কৰা হ‌ওক । ইয়াৰ বাবে নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিব লাগে বুলিও আবেদনকাৰীয়ে কয় ।

অৱশ্যে নিৰ্বাচন আয়োগৰ আইনজীৱীয়ে জনোৱা মতে, নিৰ্বাচনী সাফল্যৰ পৰিমাপক মৰ্মে ৰাষ্ট্ৰ বা ৰাজ্যিক দলে স্বীকৃতি লাভ কৰে । জনমোহিনী প্ৰতিশ্ৰুতি প্ৰদানৰ দোষত পূৰ্বতে প্ৰতীক কাঢ়ি ল’লে দলসমূহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব । আয়োগে কয় যে কোনো দলৰ স্বীকৃতি বাতিলৰ ক্ষেত্ৰত চোৱা হয় যে দলটোৱে স্বীকৃতি লোৱাৰ সময়ত জালিয়াতি কৰিছে নে নাই । তদুপৰি সংবিধান মানি নচলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এনে দলসমূহক বেআইনী ঘোষণা কৰিলেও স্বীকৃতি বাতিল কৰিব পাৰি; কিন্তু অবাস্তৱ, জনমোহিনী বিত্তীয় প্ৰতিশ্ৰুতি দিয়াৰ বাবে কোনো দলৰ স্বীকৃতি বাতিল কৰিব নোৱাৰি ।

উল্লেখ্য যে শ্ৰীলংকাত নজিৰবিহীন অৰ্থনৈতিক পতনৰ পাছত বিনামূলীয়া আঁচনিক লৈ বিতৰ্ক পুনৰ নতুনকৈ সন্মুখলৈ আহিছে । শ্ৰীলংকাৰ পৰিস্থিতিৰ পৰা শিকনি লৈ ৰাজ্যসমূহক সতৰ্ক হ’বলৈ কৈছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদন অনুসৰি পশ্চিমবংগসহ ১০ খন ৰাজ্যত মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ ডিজিপিৰ তুলনাত ঋণৰ বোজা বহু বেছি ।

Exit mobile version