কমনৱেলথ গেমছত হিমা দাসৰ সোণ জয় ! টুইটাৰত অভিনন্দনৰ জোৱাৰ

27146 hima das

ভাৰতীয় টুইটাৰত এতিয়া অভিনন্দনৰ জোৱাৰ । হিমা দাসে ‘কমনৱেলথ গেমছ ২০২২’ত ভাৰতৰ হৈ সোণৰ পদক জয় কৰাৰ বাবে টুইটাৰত এই জোৱাৰ উঠিছে । ভাইৰেল ভিডিঅ’টোত দেখা গৈছে, হিমা দাসে সোণৰ বাবে দৌৰিছে আৰু ৰোমানিয়াৰ কেইগৰাকীমান খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰিছে । বিৰেন্দ্ৰ শ্বেহৱাগৰ দৰে প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈকো ভিডিঅ’টো ছেয়াৰ কৰা দেখা গৈছে ।

প্ৰতিবেদনটো লিখা পৰ্যন্ত ভিডিঅ’ ১০ হেজাৰ লাইক আৰু দুহেজাৰ ৰিটুইট হৈছে । ভেৰিফাইড একাউণ্টৰ পৰা চৰকাৰী কৰ্মকৰ্তা সকলোৱৈ ভিডিঅ’টো টুইট কৰি আছে ।

https://twitter.com/srao7711/status/1553234554718420992?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1553234554718420992%7Ctwgr%5E5dbef236464ff59b947b31c1163e1791737d4975%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fthebridge.in%2Fcommonwealth-games%2Fhima-das-gold-cwg-2022-viral-video-myth-33832

টুইটাৰত বহুলভাৱে চৰ্চিত ভিডিঅ’টো প্ৰকৃততে ২০১৮ৰ জুনিয়ৰ চেম্পিয়নশ্বিপৰ, যেতিয়া আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেণ্টত হিমা দাসে প্ৰথম ভাৰতীয় হিচাপে সোণ জয় কৰিছিল । হিমাই ৪০০ মিটাৰৰ চূড়ান্ত প্ৰতিযোগিতা ৫১.৪৬ ছেকেণ্ডত দৌৰি ইতিহাস ৰচিছিল ।

অসমৰ এথলিটগৰাকীয়ে অহা তিনি আগষ্টত কমনৱেলথ গেমছ ২০২২-ত মহিলাৰ ৪*১০০ মিটাৰ ৰিলেত ভাৰতক প্রতিনিধিত্ব কৰিব ।

Exit mobile version