দিনটোৰ ৰাশিফল

16505268443181

মেষঃ যিকোনো শুভ কৰ্মৰ পৰা বিৰত থাকক । হাতলৈ ধন আগমনৰ সম্ভাৱনা আছে । শুভ ৰং হালধীয়া । শুভ সংখ্যা ১ ।

বৃষঃ কৰ্মক্ষেত্ৰৰ সূত্ৰে বিদেশ যাত্ৰাৰ যোগ আছে । পুৱা-গধূলি শিৱৰ জপ কৰক । ৰঙা বস্ত্ৰ পৰিধান কৰিব । শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

মিথুনঃ দিনটো শুভ । নতুন সংবাদ পাব পাৰে । যাত্ৰা কৰিলে দুপৰীয়া ১২টাৰ পিছত কৰক । শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ।

কৰ্কটঃ অৰ্থপ্ৰাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে । শিক্ষাৰ্থীৰ ক্ষেত্ৰত অলপ সতৰ্ক থাকক । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫ ।

সিংহঃ কৰ্মস্থানত অত্যাধিক কামৰ প্ৰভাৱ পৰিব পাৰে । আৰ্থিক উন্নতি নিশ্চিত । শুভ ৰং বগা, শুভ সংখ্যা ৭ ।

কন্যাঃ আৰ্থিক দিশত মধ্যমীয়া । দূৰ সংবাদে আনন্দিত কৰিব পাৰে । ভ্ৰমণত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ।

তুলাঃ দিনটো মধ্যমীয়া । প্ৰেমত শুভ । সন্ধিয়া তুলসীৰ তলত চাকি জলাব । শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা ২ ।

বৃশ্চিকঃ অৰ্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে । আকস্মিক হোৱা ঘটনাই আনন্দিত কৰিব । শুভ ৰং নীলা, শুভ সংখ্যা ৬ ।

ধনুঃ শৰীৰটোৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন । মানসিক অশান্তিত ভুগিব পাৰে । যাত্ৰা কৰিলে পূৱ দিশৰ পৰা কৰিব । কৰ্মত উন্নতিৰ যোগ । শুভ ৰং নীলা, শুভ সংখ্যা ৫ ।

মকৰঃ শৰীৰটো আগতকৈ কিছু উন্নত হ’ব । পুৰণি ৰোগ আদিৰ পৰা মুক্ত হ’ব । নতুন সংবাদে আনন্দিত কৰিব । শুভ ৰং মেৰুন । শুভ সংখ্যা ৮ ।

কুম্ভঃ কৰ্মত উন্নতিৰ যোগ আছে । শিক্ষাৰ্থীৰ বাবে সময়তো ভাল নহয় । ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰক । শুভ ৰং কমলা । শুভ সংখ্যা ৮ ।

মীনঃ কৰ্মত বাধা আছে । যিকোনো কাম কৰাৰ আগতে ভাবি-চিন্তি আগবাঢ়ক । পুৱা-গধূলি শিৱ মন্ত্ৰ জপ কৰক । শুভ ৰং বগা, শুভ সংখ্যা ৪ ।

Exit mobile version