COVID-19 : ক’ভিড আপডেট 

0.64708800 1655309418 0

বিগত দুদিন ধৰি কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা বাঢ়ি ২০ হেজাৰৰ ওপৰতেই আছে । বিগত ২৪ ঘণ্টাতো ক’ভিডৰ দৈনিক সংক্রমণৰ লেখচিত্রত কোনো পৰিৱৰ্তন হোৱা নাই । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা আৰু বাঢ়ি হ’ল ২০,৪০৮ । শুকুৰবাৰে এই সংখ্যা আছিল ২০,৪০৯ ।

দেশত দৈনিক সংক্রমণৰ ৰাজ্যভিত্তিক তালিকাত শীর্ষত আছে কর্নাটক । বিগত ২৪ ঘণ্টাত কর্নাটকত দৈনিক আক্রান্তৰ সংখ্যা ২,১৩০ । ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (১,৯৯৭), তামিলনাডু (১,৬২৪), কেৰালা (১,৬০৯) আৰু পশ্চিমবংগ (১,২৮৪) । বিগত ২৪ ঘণ্টাত ৰাজধানীত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ১,২৪৫ । বিগত এমাহত দিল্লীত দৈনিক সংক্রমণৰ সংখ্যা সর্বোচ্চ ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ সামান্য কমি হ’ল ৫.০৫ শতাংশ । শুকুৰবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৫.১২ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যান অনুযায়ী, যোৱা ২৪ ঘণ্টাচ ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ২০,৯৫৮ জন । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৩ লাখ ৩০ হেজাৰ ৪৪২ জন । এই পর্যন্ত দেশজুৰি ২০৩ কোটি ৯৪ লাখ ৩৩ হেজাৰ ৪৮০ টিকাকৰণ হৈছে ।

Exit mobile version