Jammu and Kashmir : জম্মু আৰু কাশ্মীৰত গুলি সংঘৰ্ষ, নিৰাপত্তা বাহিনীৰ গুলিত নিহত সন্ত্ৰাসবাদী

jammu kashmir encounter

সেনা-সন্ত্ৰাসবাদী গুলি সংঘৰ্ষত পুনৰ উত্তেজনাৰ সৃষ্টি হ’ল জম্মু আৰু কাশ্মীৰত । শনিবাৰে পুৱা বাৰামুলা জিলাত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হৈছে ।

সংবাদ সংস্থা এএনআই সূত্রে খবৰ, সন্ত্ৰাসবাদীসকলে অঞ্চলটোত আত্মগোপন কৰি আছে, গোপন সূত্রে এই খবৰ পোৱাৰ পাছত অভিযান চলায় নিৰাপত্তা বাহিনীয়ে । সেই সময়তেই নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলি চলায় সন্ত্ৰাসবাদীসকলে । প্ৰত্যুত্তৰত গুলি চলায় নিৰাপত্তা বাহিনীয়েও ।

জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা টুইটাৰত সংঘৰ্ষৰ খবৰ জনোৱা হৈছে । গুলি সংঘৰ্ষক লৈ উত্তপ্ত বাৰামুলাৰ ৱানিগাম বালা অঞ্চল । সমগ্ৰ অঞ্চল ঘেৰাও কৰা হৈছে ।

Exit mobile version