Monkeypox : মাংকিপক্সক পৰাস্ত কৰি সম্পূৰ্ণ সুস্থ দেশৰ প্রথম সংক্রমিত

মাংকিপক্সক লৈ উদ্বেগৰ মাজতেই কিছু স্বস্তি । দেশত মাংকিপক্স ভাইৰাছত সংক্রমিত প্রথম ব্যক্তি সম্পূৰ্ণ সুস্থ হৈছে । শনিবাৰে এই কথা জনাইছে কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা গর্গে ।

ভাৰতত প্রথম মাংকিপক্স আক্রান্তৰ সন্ধান পোৱা গৈছিল কেৰালাত । ৩৫ বছৰ বয়সৰ কোল্লামৰ বাসিন্দাজন সংযুক্ত আৰৱ আমিৰশ্বাহিৰ পৰা উভতিছিল ।

কেৰালাৰ স্বাস্থ্যমন্ত্রীয়ে জনাইছে, তিৰুঅনন্তপুৰমৰ চৰকাৰী মেডিকেল কলেজত তেওঁৰ চিকিৎসা চলিছিল । বর্তমান সম্পূৰ্ণ সুস্থ ব্যক্তিজন । শনিবাৰে তেওঁক হাস্পাতালৰ পৰা ঘৰলৈ যাব দিয়া হ’ব বুলি সংবাদসংস্থা সূত্রে খবৰ । সংশ্লিষ্ট ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলৰ মাংকিপক্স সংক্রান্ত প্ৰতিবেদন নিগেটিভ বুলি জানিব পৰা গৈছে ।

বিদেশৰ পৰা দেশচ উভতাৰ পাছত কেৰালাৰ ব্যক্তিজনৰ শৰীৰত মাংকিপক্সৰ উপসর্গ পৰিলক্ষিত হয় । সেই সময়ত তেওঁৰ নমুনা পুনেৰ গৱেষণাগাৰত প্ৰেৰণ কৰা হৈছিল । বিগত ১৪ জুলাইত তেওঁক হাস্পাতালত ভর্তি কৰোৱা হয় । পাছত প্ৰতিবেদন পজিটিভ আহে ।

এই পর্যন্ত ভাৰতত চাৰিজনৰ শৰীৰত মাংকি ভাইৰাছ পোৱা গৈছে । যাৰ ভিতৰত তিনিজনেই কেৰালাৰ বাসিন্দা । এই ভাইৰাছত সংক্রমিত হোৱা চতুর্থ ব্যক্তিজন দিল্লীৰ বাসিন্দা । তেওঁৰ বিদেশ ভ্ৰমণৰ কোনো যোগ নাই ।

Exit mobile version