Shakira : আঠ বছৰৰ কাৰাদণ্ড হ’ব পাৰে ছাকিৰাৰ, দিবলগীয়া হ’ব পাৰে মোটা অংকৰ জৰিমনাও

93219135

বিপাকত ‘পপ সম্রাজ্ঞী’ ছাকিৰা । স্পেইনত কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে সংগীত শিল্পীৰ বিৰুদ্ধে । ইয়াৰ বাবে পপ গায়িকাগৰাকীৰ আঠ বছৰৰ বাবে কাৰাবাসৰ শাস্তি হ’ব পাৰে ।

সংবাদ সংস্থা সূত্রে খবৰ, ১.৪৫ কোটি ইউৰ’ৰো অধিক কৰ ফাঁকি দিয়াৰ অভিযোগ কৰা হৈছে কলম্বিয়াৰ এই তাৰকাৰ বিৰুদ্ধে । এই অভিযোগ প্রমাণিত হ’লে ছাকিৰাৰ আঠ বছৰৰ জেল হ’ব পাৰে । লগতে ২.৩৫ কোটি ডলাৰৰো অধিক জৰিমনা দিবলগীয়া হ’ব পাৰে ছাকিৰাই ।

স্পেইনৰ চৰকাৰী অধিবক্তাৰ তৰফৰ পৰা দাবী কৰা হৈছে যে, বাৰ্ছেলোনাৰ ফুটবলাৰ জেৰার্ড পিকৰ স’তে সম্পর্ক স্থাপন কৰাৰ পাছত ২০১১ত স্পেইনত বসবাস কৰিব লয় ছাকিৰাই । ২০১২ৰ পৰা ২০১৪ৰ ভিতৰত স্পেইনৰ সাধাৰণ নাগৰিক আছিল ছাকিৰা । ২০১২ৰ মে’ত বাৰ্ছেলোনাত ঘৰ কিনিছিল গায়িকাই । ছাকিৰাৰ তৰফৰ পৰা দাবী কৰা হৈছে, ২০১৫ পর্যন্ত বাহামছৰ কৰদাতাৰ তালিকাত আছিল তেওঁৰ নাম ।

সূত্রৰ খবৰ, কৰ ফাঁকি দিয়াৰ বিষয়টো চুক্তিৰ মাধ্যমত মিটমাট কৰাৰ প্রস্তাৱ দিয়া হৈছিল ছাকিৰাক । কিন্তু তাত মান্তি নহয় । অৱশ্যে স্পেইনৰ চৰকাৰী অধিবক্তাৰ তৰফৰ পৰা ছাকিৰাক কি চুক্তিৰ প্রস্তাৱ দিয়া হৈছিল, সেয়া জানিব পৰা হোৱা নাই । এই গোচৰৰ পৰৱর্তী শুনানিৰ দিনো জনোৱা হোৱা নাই ।

উল্লেখ্য, কিছু মাহ পূৰ্বে বিচ্ছেদ ঘোষণা কৰে জেৰার্ড পিকে আৰু ছাকিৰাই । তেওঁলোকৰ দুই পুত্রসন্তান আছে । বিচ্ছেদ ঘোষণাৰ পাছতেই ছাকিৰাৰ বিৰুদ্ধে কৰ ফাঁকি দিয়াৰ অভিযোগ প্রকাশ্যত আহিল ।

Exit mobile version