মৌলবাদীৰ ভাবুকি

প্ৰাঞ্জলসেন ডেকা

islamic state 1

বাংলাদেশী জেহাদী সংগঠনে অসমতো ইয়াৰ কৰ্যকলাপৰ প্ৰসাৰ ঘটাইছে বুলি আৰক্ষীয়ে অব্যাহত ৰখা অভিযানে বিগত কিছুদিনত যথেষ্ট প্ৰচাৰ লাভ কৰিছে । ঘাইকৈ বৰপেটা আৰু মৰিগাঁও জিলাৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰায় এডজন লোকক জেহাদী গোটৰে সম্পৰ্ক থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে । মৰিগাঁও জিলাৰ দুজন ধৰ্মীয় মাদ্ৰাছাৰ শিক্ষককো এই অভিযান কালত মৌলবাদী সংগঠনৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।

উক্ত মাদ্ৰাছালৈ বিদেশী পুঁজিৰ আগমনৰ তথ্য উদ্ধাৰ হৈছে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে । সেইবাবে উক্ত মাদ্ৰাছা দুখন উচ্ছেদৰ উদ্দেশ্যে বুলড’জাৰ আদি সংশ্লিষ্ট স্থানলৈ নিছিল যদিও কোনো কাৰণত সেই কাৰ্য স্থগিত ৰাখে আৰু মাদ্ৰাছা দুখন ছীল কৰাতে ক্ষান্ত থাকে । মাদ্ৰাছাৰ স’তে এনেদৰে জেহাদি শক্তিৰ পোনপটীয়া সম্পৰ্ক উদ্ধাৰৰ পাছতে আৰক্ষী বাহিনী অধিক সতৰ্ক হৈছে । এই সম্পৰ্কৰ আঁত ধৰি ৰাজ্যত আন দুশখন এনে মাদ্ৰাছাক তদন্তৰ আওতালৈ আনিবলৈ আৰক্ষীয়ে পৰিকল্পনা কৰিছে । একাংশ মাদ্ৰাছাৰ জৰিয়তে ধৰ্মীয় শিক্ষাদানৰ নামত মৌলবাদক উৎসাহিত কৰি অহা বুলি দীৰ্ঘদিনীয়া অভিযোগ আছে । চৰকাৰে আনকি ইতিমধ্যে এনে ধৰ্মীয় মাদ্ৰাছাসমূহ বন্ধ কৰি দিবলৈ অথবা এইবোৰলৈ কোনো ধৰণৰ সাহায্য-অনুদান নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

গতিকে মাদ্ৰাছালৈ বিদেশী পুঁজিৰ আগমন আৰু ইয়াৰ শিক্ষকৰ মৌলবাদী সংগঠনৰে যোগাযোগৰ তথ্য উদ্ধাৰে আৰক্ষী তথা চৰকাৰৰ ভাষ্যকে অধিক মান্যতা দিছে । আৰক্ষীৰ অভিযানৰ পাছতে ঘাইকৈ উগ্ৰপন্থীকেন্দ্ৰিক তদন্তৰ বাবে বিশেষভাৱে গঠিত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন‌আই‌এ)ও তৎপৰ হৈছে । ইতিমধ্যে এন‌আই‌এৰ দলে ইয়াৰ তদন্ত আৰম্ভ কৰি দিছে ।

বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ ভাৰত উপ-মহাদেশৰ সহযোগী সংগঠন আনছাৰ‌উল্লাহ বাংলা টীম (এবিটি)ৰ নেতৃত্বতে শেহতীয়াভাৱে ৰাজ্যত এনেদৰে মৌলবাদী-জেহাদী সংগঠনে শিপা মেলিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে । প্ৰব্ৰজনকাৰী মুছলমান অধ্যুষিত জিলাত এই সংগঠনৰ সক্ৰিয়তা গঢ় লৈ উঠিছে বুলি কোৱা হৈছে । সম্প্ৰতি বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ কিছুসংখ্যক লোক এবিটিৰ স’তে জড়িত হৈছে আৰু আন বহুসংখ্যকক সংগঠনটোৱে বিভিন্ন প্ৰকাৰে জেহাদী কাৰ্যকলাপৰ বাবে উৎসাহিত কৰিবলৈ চেষ্টা চলাই আহিছে । ইয়াৰ পূৰ্বেও বাংলাদেশৰেই জামাতুল মুজাহিদীন বাংলাদেশ (জেএম‌বি) নামৰ সংগঠনটোৱে পশ্চিমবংগৰ সমান্তৰালভাৱে অসমতো ইয়াৰ ঘাটি গঢ়ি তুলিছিল । পৰৱৰ্তী পৰ্যায়ত এনে কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত কে’বাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকে দীৰ্ঘদিন ধৰি কাৰাবাস খাটিবলগীয়া হৈছে । অৱশ্যে এইসকলৰ অধিকাংশৰে অপৰাধ আদালতত প্ৰমাণিত কৰাটো সম্ভৱ হৈ উঠা নাই আৰু ফলস্বৰূপে খালাচ পোৱাৰ বাট মুকলি হৈ পৰে ।

লক্ষ্যণীয় যে ৯০ দশকৰ শেষৰফালে ৰাজ্যত কে’বাজনো লোকক পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ এজেণ্টৰূপে সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ] কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল । প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ কাৰ্যকালত স্বয়ং গুৱাহাটী মহানগৰীতে এনেদৰে দুৰ্ধৰ্ষ আইএছআইৰ এজেণ্ট গ্ৰেপ্তাৰ] কৰাতে ক্ষান্ত নাথাকি এইসকলে কেনেদৰে ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ৰচিছিল সেই বিষয়েও আৰক্ষীয়ে ফলাওকৈ প্ৰচাৰ কৰিছিল । যিমান দূৰ মনত পৰে বৰ্তমানৰ অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়েই সেই সময়ত গুৱাহাটী মহানগৰ আৰক্ষীৰ অধীক্ষক আছিল আৰু তেৱেঁই সেই অভিযানৰ নেতৃত্ব প্ৰদান কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত তাৰে এজনৰ বিৰুদ্ধেও আৰক্ষীয়ে কোনো অভিযোগ আদালতত প্ৰমাণ কৰিবলৈ সক্ষম নহ’ল । মূল অভিযুক্ত বুলি দাবী কৰা লোকজনে কমেও ডেৰ দশক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থাকিল । পাছত তেওঁকো আদালতে দোষমুক্ত কৰি স-সন্মানে বন্দিত্বৰ পৰা মুক্তি দিয়ে । দৰাচলতে খুচুৰা বস্ত্ৰ ব্যৱসায়ৰ উদ্দেশ্যেহে বহিঃৰাজ্যৰ পৰা তেওঁলোক অসমলৈ আহিছিল বুলি স্পষ্ট হৈ পৰে । এনে অভিযানৰ প্ৰচাৰৰ জৰিয়তে সেই সময়ত আৰক্ষীয়ে বাঃ বাঃ ল’বলৈ সক্ষম হ’লেও নিৰীহ নাগৰিকক যে কেৱল সন্দেহৰ বশৱৰ্তী হৈ বছৰৰ পাছত বছৰ ধৰি কাৰাগাৰত বন্দী কৰি থোৱা হৈছিল সেয়াও স্পষ্ট হৈ পৰে । বিনাদোষে এনেদৰে জেল খাটি এক ধ্বংসপ্ৰাপ্ত জীৱন লৈ স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিবলগীয়া হৈছিল উল্লেখিত অভিযুক্তই ।

কেৱল অসমেই নহয়, সমগ্ৰ ভাৰততে ইছলামিক মৌলবাদী শক্তিয়ে বিশেষ উদ্দেশ্যৰে বিগত কে’বা দশক ধৰি কূটাঘাতেৰে অশান্তি সৃষ্টিৰ অপচেষ্টা চলাই আহিছে । মুম্বাইকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ চহৰ-মহানগৰত এনে মৌলবাদী সংগঠনে ভয়াৱহ কূটাঘাত সংঘটিত কৰি শ শ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিছে আৰু আন বহুতকে চিৰদিনৰ বাবে ঘুণীয়া কৰিছে । তদুপৰি এনেবোৰ ঘটনাত সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে । চৰম দুৰ্ভাগ্যজনক এয়ে যে এনে কূটাঘাতৰ জৰিয়তে ধন-জনৰ উপৰি সবাতোকৈ অধিক যি ক্ষতি সাধন হৈছে সেয়া হৈছে, দেশত দুই বৃহৎ গোষ্ঠীৰ মাজত এক ধৰণৰ অবিশ্বাসৰ ৰেখা টানি দিয়া হৈছে । শুভবুদ্ধি সম্পন্নসকলৰ ব্যাপক প্ৰচেষ্টাৰ পাছতো দিনে-দিনে হিন্দু-মুছলমানৰ মাজত সেই বিভাজন অধিক বৃদ্ধিহে পাইছে ।

দীৰ্ঘকাল ধৰি ভাৰতৰ ওপৰত কেতবোৰ অপশক্তিৰ শেনচকু পৰি আহিছে বুলি চৰ্চিত হৈ আহিছে । সময়ে সময়ে বিভিন্ন মৌলবাদী সংগঠনে মূৰ দাঙি উঠি পৰিৱেশ জটিল কৰি তুলিছে । এনে এটি সংগঠন হৈছে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই) । দাক্ষিণাত্যক কেন্দ্ৰ কৰি দেশৰ কমেও ২৩ খন ৰাজ্যত ইতিমধ্যে শক্তিশালী ভেটি গঢ়ি তুলিবলৈ সক্ষম হোৱা এই সংগঠনটোৱে আৰম্ভণিৰে পৰা ভাৰতবিৰোধী কাৰ্যকলাপত জড়িত হৈ আহিছে বুলি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে অভিযোগ কৰি আহিছে । সংগঠনটোৱে আনকি বিদেশী শক্তিৰ পৰা পুঁজি আৰু অন্যান্য সহায়-সহযোগিতা লাভ কৰি আহিছে বুলিও সততে অভিযোগ কৰা হৈছে । অৱশ্যে পিএফআয়ে এনেবোৰ অভিযোগ খণ্ডন কৰিছে ।

লক্ষ্যণীয় যে অলপতে পাটনাত চলোৱা এক অভিযানৰ পাছত আৰক্ষীয়ে সদৰী কৰে যে তেওঁলোকে ‘ভাৰত ২০৪৭ঃ ইছলামিক শাসনৰ দিশে’ শীৰ্ষক পিএফআইৰ নথি উদ্ধাৰ কৰিছে । পাটনা আৰক্ষীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে যে উল্লেখিত নথিত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ক মষিমূৰ কৰি ভাৰতত পুনৰ ইছলামৰ গৌৰৱ স্থাপনৰ কথা কোৱা হৈছে । তাৰবাবে প্ৰয়োজন সাপেক্ষে তুৰ্কী আৰু অন্যান্য ইছলামিক দেশৰ সাহায্য লাভৰ বিষয়েও উল্লেখ কৰা হৈছে । এনে পৰিপ্ৰেক্ষিততে দেশৰ সুৰক্ষা তথা অখণ্ডতাৰ বাবে পিএফআইক এক প্ৰচণ্ড ভাবুকিৰূপে কেন্দ্ৰীয় চৰকাৰে চিহ্নিত কৰিছে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ পোষকতা কৰি আহিছে । যোৱা শনিবাৰে অল ইণ্ডিয়া চুফী সক্নাদানাশ্বিন কাউন্সিলে আয়োজন কৰা আন্তঃধৰ্মীয় সন্মিলনত পিএফআইক নিষিদ্ধকৰণৰ বাবে গৃহীত প্ৰস্তাৱে বিশেষ ইংগিত বহন কৰিছে । লক্ষ্যণীয়ভাৱে এই অধিবেশনত কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থাকে ।

অধিৱেশনত তেওঁ কয় যে দেশত কিছু অপশক্তিয়ে ধৰ্মৰ নামত অশান্তি আৰু সংঘৰ্ষমুখৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ অপচেষ্টা চলাই আহিছে । সমগ্ৰ দেশকে ই প্ৰভাৱিত কৰাৰ লগতে ভাৰতৰ বাহিৰতো বিস্তাৰ লাভ কৰাটো দুৰ্ভাগ্যজনক । ডোভালে এই প্ৰসংগতে কয়, ‘এনে পৰিস্থিতিত নীৰৱ দৰ্শক হৈ থকাৰ পৰিৱৰ্তে আমাৰ কথাবোৰ দৃঢ়তাৰে দাঙি ধৰাৰ লগতে আমাৰ মতভেদবিলাক দূৰ কৰিবলৈ তৃণমূল পৰ্যায়ত কাম কৰিব লাগিব । দেশৰ প্ৰতিটো সম্প্ৰদায়ক আমি অনুভৱ কৰাব পাৰিব লাগিব যে আমি একেখন দেশৰ । এই দেশত প্ৰতিটো ধৰ্মকে স্বাধীনভাৱে পালন কৰিব পাৰি আৰু তাক লৈ আমি গবিৰ্ত ।’

এই অধিবেশনত গ্ৰহণ কৰা আঠোটা প্ৰস্তাৱৰ অন্যতম হৈছে পিএফআইক নিষিদ্ধকৰণৰ পোষকতা কৰাটো । দেশবিৰোধী কাৰ্যকলাপত লিপ্ত তথা বিভাজনকাৰী কৰ্মসূচীৰে আগবাঢ়ি পিএফআয়ে দেশবাসীৰ মাজত সংঘাতৰ সৃষ্টি কৰি আহিছে আৰু সেয়েহে দেশৰ আইন অনুসৰি এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিব লাগে বুলি প্ৰস্তাৱত কোৱা হয় । ইয়াৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ মাজত অশান্তি সৃষ্টিৰ অপচেষ্টা চলোৱা যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰো প্ৰস্তাৱ গ্ৰহণ কৰে বহু ধৰ্মীয় গুৰুৱে অংশগ্ৰহণ কৰা এই সন্মিলনে ।

লক্ষ্যণীয় যে শেহতীয়া কে’বাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতত মুছলমান সম্প্ৰদায় বিদ্বেষৰ বলি হ’বলগীয়া হৈছে বুলি উত্থাপিত অভিযোগক লৈ দেশৰ ভিতৰে-বাহিৰে চৰকাৰ অস্বস্তিত ভুগিবলগীয়া হৈছে । এনে পৰিপ্ৰেক্ষিতত পিএফআইৰ দৰে সংগঠনৰ বিৰুদ্ধে নিষিদ্ধকৰণ অথবা আন কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে চৰকাৰ অধিক সমালোচনাৰ সন্মুখীন হোৱাৰ শংকা নথকা নহয় । সেয়েহে সবৰ্ভাৰতীয় ধৰ্মীয় সংগঠনৰ সন্মিলনৰ জৰিয়তে পিএফআই তথা তেনে ধৰণৰ ব্যক্তি-সংগঠনক নিষিদ্ধকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰে নিজৰ স্থিতি সুৰক্ষিত কৰি ল’ব বিচাৰিছে ।

কেৱল আৰক্ষীৰ অভিযানেৰে দেশৰ পৰা মৌলবাদী শক্তিক মষিমূৰ কৰাটো যে সম্ভৱ নহয়, সেয়া ইতিমধ্যে স্পষ্ট হৈছে । এটা সম্প্ৰদায়ৰ মনত বঞ্চনাৰ বেদনা থকালৈকে নতুন নতুন সংগঠনৰ জন্ম হৈয়ে থাকিব । গতিকে দেশৰ প্ৰতিটো ধৰ্ম-সম্প্ৰদায়ৰ মাজৰ পৰা বঞ্চনাৰ মনোভাৱ আঁতৰ কৰাতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন । তাৰ বাবে চৰকাৰে প্ৰতিটো সম্প্ৰদায়কে আস্থাত লৈ তেওঁলোকৰ স’তে আলোচনাৰ মাধ্যমেৰে অগ্ৰসৰ হ’ব লাগিব । কোনো এটা পক্ষক অপৰাধী সজোৱাৰ চেষ্টা চলাই পৰিস্থিতি অধিক জটিল কৰি তোলাৰ পৰিৱৰ্তে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব ।

Exit mobile version